অসম

assam

ETV Bharat / state

Wood smuggling in Assam: কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাংকৈ সৰবৰাহ হৈ আছে মূল্যবান কাঠ - কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাংকৈ সৰবৰাহ হৈ আছে মূল্যবান কাঠ

অসমত চলি আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling is going on in Assam)। বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ ডলামৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ এলেকাত দিনে-নিশাই চলিছে মূল্যবান কাঠৰ অবৈধ সৰবৰাহ । একাংশ বন বিষয়াই চোৰাং সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে ।

Wood smuggling in Assam
কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাংকৈ সৰবৰাহ হৈ আছে মূল্যবান কাঠ

By

Published : Jan 21, 2022, 8:22 PM IST

বোকাখাত, ২১ জানুৱাৰী :ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ (Forest destruction continues in Assam)। একাংশ দুষ্কৃতিকাৰীয়ে দিনে নিশাই ধ্বংস কৰিছে অসমৰ বনাঞ্চল আৰু সেই দুস্কৃতিকাৰীসকলক বন বিভাগৰে একাংশ লোকে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে । বিশেষকৈউজনি অসমৰ যোৰহাট, তিতাবৰ আৰু শিৱসাগৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ একাংশ বিষয়াৰ সৈতে মিতিৰালি কৰি ব্যাপকভাৱে বন ধ্বংস চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

এই সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ ডিফুস্থিত উজনি বন সংমণ্ডল বিষয়াৰ অধীনস্থ ডলামৰা আৰু কাইফ'লাংছ' আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বীট অফিচাৰে সাংবাদিকৰ সন্মুখতে স্বীকাৰ কৰে মূল্যবান কাঠৰ অবৈধ সৰবৰাহৰ কথা । প্ৰাপ্ত তথ্য মতে, ডলামৰা আৰু কাইফ'লাংছ'ৰ পৰা প্ৰতি নিশাই বোকাখাতৰ মাজেৰে উজনি অসমলৈ পাৰ হয় ৩০ৰ পৰা ৪০ খনকৈ কাঠ ভৰ্তি বাহন । তথ্য মতে, শাল, চেগুন, বনচোম, তিতাছপা আদি মূল্যবান গছৰ ৪০ লাখ টকাৰ কাঠ এটা নিশাতে সৰবৰাহ কৰে অসাধু ব্যৱসায়ীয়ে ।

কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাংকৈ সৰবৰাহ হৈ আছে মূল্যবান কাঠ

এনে অবৈধ সৰবৰাহৰ বাবে অসাধু ব্যৱসায়িক সুবিধা প্ৰদান কৰি আহিছে কাৰ্বি আংলং জিলাৰ একাংশ শীৰ্ষ বন বিষয়াই । লক্ষণীয়ভাৱে বিগত কেইটামান দিনত চোৰাং কাঠ সৰবৰাহ কৰা কেইবাখনো বাহন বোকাখাত আৰু কমাৰগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হৈছে । ইফালে কৰ্মৰত বন বিষয়াৰ অভিযোগ অবৈধ সৰবৰাহ বন্ধ কৰিব পৰাকৈ বন বিভাগৰ হাতত নাই পৰ্যাপ্ত বনকৰ্মী, বাহন আৰু সা-সৰঞ্জাম । যাৰ বাবে দিনে নিশাই, চোৰাং কাঠ সৰবৰাহকাৰীক ধৰিব নোৱাৰে ডলামৰা আৰু কাইফ'লাংছ'ৰ বন বিষয়াই ।

লগতে পঢ়ক :Poachers killed rhino in Kaziranga : কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details