গোলাঘাট, 28 জুন :আহাৰ মাহতে ঢেঁকীৰ শব্দত মুখৰিত খুমটাইৰ ঐতিহাসিক যোগীবাৰী পৰ্যটন ক্ষেত্ৰ । ক্ৰমে হেৰাই যাবলৈ ধৰা এই ঢেঁকীৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ এক বিশেষ প্ৰয়াস অঞ্চলটোৰ 20 গৰাকী মহিলাৰ । আমাৰ পথাৰ, আমাৰ বজাৰ দখলৰ লক্ষ্যৰে যোগীবাৰী বিলতে মহিলা সকলে ঢেঁকীশাল পাতি আৰম্ভ কৰি কৰিছে এটি ক্ষুদ্ৰ উদ্যোগ ৷
বহাগ অথবা মাঘৰ মাহ নহয় যদিও ঢেঁকীৰ চাবে মুখৰিত কৰিছে গোলাঘাটৰ যোগিবাৰী বিলৰ চৌপাশ ৷ ক্ৰমে হেৰাই যাবলৈ ধৰা এই ঢেঁকীৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ এক বিশেষ প্ৰয়াসেৰে আগবাঢ়িছে এদল কৰ্মদ্যোমী মহিলাই ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ তত্বাৱধানত মহিলা কেইগৰাকীয়ে হাতত লৈছে এই পদক্ষেপ ৷