অসম

assam

ETV Bharat / state

খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান - খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান

খুমটাই আৰক্ষী চকী, গাঁওৰক্ষী বাহিনী, কেইবাটাও মহিলা গোটৰ শ-শ মহিলাই লগ হৈ উচ্ছেদ কৰিলে ৰজনীখাট অঞ্চলৰ  অবৈধ চুলাই ঘাটি৷

খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান

By

Published : Sep 2, 2019, 7:07 PM IST

খুমটাই, 2 ছেপ্তেম্বৰ: সোমবাৰে বৃহত্তৰ খুমটাই অঞ্চল মদ-মুক্ত কৰাৰ উদ্দেশ্যে আৰক্ষীৰ সহযোগত একাংশ মহিলাই চলাই অবৈধ চুলাই ঘাটি উচ্ছেদ অভিযান৷ অভিযান কালত খুমটাইৰ ৰজনীখাট অঞ্চলত মহিলাসকলে কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় 1000 লিটাৰতকৈও অধিক বৰবিহ স্বৰূপ চুলাই মদ নষ্ট কৰে ৷ অঞ্চলটো চুলাই মুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে মহিলাসকলে এই অভিযান চলোৱাৰ কথা সদৰি কৰে৷ ইফালে উচ্ছেদ অভিযানত উপস্থিত থাকি খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে চুলাইৰ বিৰূদ্ধে সকলো মহিলাকে একগোট হৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই ৷

খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান

ABOUT THE AUTHOR

...view details