অসম

assam

ETV Bharat / state

গোলাঘাট নগৰত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে পুৰুষ-মহিলাই

সোমবাৰে গোলাঘাটৰ নগৰৰ সমীপৰ এটা উপপথ মেৰামতিৰ বাবে ওলাই আহিল গাঁৱৰ পুৰুষ-মহিলাকে ধৰি সকলো ৰাইজ । নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে বেঙেনাখোৱা পঞ্চায়তৰ অধীনত থকা এটি পথ ।

গোলাঘাট
গোলাঘাট নগৰত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে পুৰুষ-মহিলাই

By

Published : Jun 1, 2020, 6:25 PM IST

গোলাঘাট, ১ জুনঃ গোলাঘাট নগৰৰ সমীপৰ নৰাগাঁও মাধৱনগৰৰ এটা পথক লৈ যমৰ-যাতনা ভুগিব লগা হৈছে অঞ্চলবাসীয়ে। বেঙেনাখোৱা পঞ্চায়তৰ অধীনৰ পথটোৰ কদৰ্যময় ৰূপ লোৱাত দীৰ্ঘদিনৰ পৰা দুৰ্ভোগ ভুগিবলগা হৈছে গাঁওবাসীয়ে ।

গোলাঘাট নগৰত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে পুৰুষ-মহিলাই

গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ বাসগৃহৰ সমীপতে থকা পথটো বিগত ৫ বছৰ ধৰি নিৰ্মাণ নকৰাত বোকাময় পথাৰ সদৃশ ৰূপ লৈছে ৷ চৰকাৰ,স্থানীয় প্ৰতিনিধিক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে স্থানীয় ৰাইজে। যাৰ বাবে অৱশেষত ৰাইজে একত্ৰিত হৈ নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথছোৱা ।

গোলাঘাট নগৰত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে পুৰুষ-মহিলাই

স্থানীয়লোক পুৰুষ-মহিলাই সকলে যেনেদৰে পাৰে অৰ্থিক অনুদান আগবঢ়াই নিজেই নামি পৰিল পথছোৱা মেৰামতিৰ কামত ।

গোলাঘাট নগৰত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে পুৰুষ-মহিলাই

লগতে চাওকঃ কৰ'ণা আৰু কাৱাছাকী ভাইৰাছক পৰাস্ত কৰিলে ৪ মহীয়া শিশুৱে

ABOUT THE AUTHOR

...view details