অসম

assam

গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

By

Published : Jan 29, 2021, 2:11 PM IST

Updated : Jan 29, 2021, 2:23 PM IST

গোলাঘাটত বিয়াৰ 8 মাহ নৌহওতেই পত্নীক হত্যাৰ অভিযোগ কমাৰগাঁৱৰ ১নং গৰৈমাৰীৰ সীমান্ত হাজৰিকাৰ বিৰুদ্ধে ৷ অভিযুক্ত সীমান্তৰ পিতৃয়ে আৰক্ষীক অৱগত কৰা অনুসৰি পুত্ৰ সীমান্তই প্ৰথমে বোৱাৰীয়েকক হত্যা কৰি তেল ঢালি জ্বলাই দিছিল ৷

গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক
গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

গোলাঘাট, 29 জানুৱাৰী:গোলাঘাট জিলাৰ কমাৰগাঁৱৰ 1 নং গৰৈমাৰীত নিশা ৰহস্যজনক ভাৱে অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ ৷ 8 মাহ পুৰ্বে 1 নং গৰৈমাৰীৰ সীমান্ত হাজৰিকা নামৰ যুৱকজনৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰা সীমা হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ পাচতে স্বামী তথা স্বামীৰ পৰিয়াললৈ হত্যাৰ অভিযোগ উত্থাপন কৰিছে মৃত সীমা হাজৰিকাৰ পৰিয়ালে ৷ বিয়াৰ 8 মাহ হওতেই স্বামীয়ে পত্নীক হত্যা কৰাৰ এই সমগ্ৰ ঘটনা অভিযুক্ত সীমান্তৰ পিতৃয়ে আৰক্ষীক অৱগত কৰে ৷ পিতৃৰ মতে,পুত্ৰ সীমান্তই প্ৰথমে বোৱাৰীয়েকক হত্যা কৰিছিল আৰু তাৰ পাচত তেল ঢালি জ্বলাই দিছিল ৷

গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

ইফালে,সীমা হাজৰিকাৰ পিতৃয়ে কমাৰগাঁও আৰক্ষী থানাত ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি সীমান্ত হাজৰিকাৰ সহিতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে ৷ কমাৰগাঁও আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ নং 9\21 ধাৰা 304বি/34 গোচৰ ৰুজু কৰি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰাৰ লগতে নিশাই সীমাৰ স্বামী সীমান্ত হাজৰিকাক আটক কৰে।

লগতে পঢ়ক:নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত

Last Updated : Jan 29, 2021, 2:23 PM IST

ABOUT THE AUTHOR

...view details