তিতাবৰ,২৫ আগষ্ট : গোলাঘাট জিলাৰমেৰাপানীত জঘন্য ঘটনা । তালিবানী শাস্তি প্ৰদান এগৰাকী মহিলাক (Woman harassment at Merapani)। মহিলাগৰাকীক চলোৱা অত্যাচাৰৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত । ভুক্তভোগী মহিলাগৰাকী এতিয়া কাষ চাপিছে আৰক্ষীৰ ।
ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে মেৰাপানীৰ পৰা নগাপাহাৰৰ নামনিলৈ দুখন বাহনেৰে তেওঁক আৰু আন দুগৰাকী মহিলাক অপহৰণ কৰি লৈ যোৱা হৈছিল । তেওঁলোকক প্ৰথমে সুৰাপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পাছত পিন্ধি থকা কাপোৰ ফালি শাৰীৰিকভাৱে অপদস্থ কৰিছিল (Physically assaulting women)। ভুক্তভোগী এগৰাকী মহিলাই অভিযোগ কৰা মতে যোৱা ২৩ আগষ্টত সংঘটিত হৈছিল এই ঘটনা ।
ভুক্তভোগী মহিলাগৰাকী আন দুগৰাকী মহিলাৰ সৈতে মেৰাপানীৰ ফ্লাৱাৰভেলী স্কুলত থকা পুত্ৰক লগ কৰাৰ উদ্দেশ্যে মেৰাপানীলৈ গৈছিল । তেতিয়াই মেৰাপানী ইচলামপুৰৰ নিবাসী ফৰিদুল হুছেইন আৰু আন দুজনমানে এখন ৰঙা ৰঙৰ AS-05-3538 নম্বৰৰ বাহনেৰে তেওঁলোকক অপহৰণ কৰি লৈ যায় । অভিযোগ অনুসৰি অপহৰণকাৰী দলটোৱে তিনি মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায় (Merapani Kidnap and Physically assaulting case)।