অসম

assam

ETV Bharat / state

টেঙানিত পথৰ দুৰৱস্থাৰ বাবে মহিলাৰ মৃত্যু - গোলাঘাট জিলাৰ টেঙানি

টেঙানিত কৰুণ মৃত্যু মহিলাৰ ৷ ভালুকৰ সাঙীত পৰিণত চৰকাৰৰ উন্নয়নৰ শ্লোগান ৷

woman died for damaged road in tengani

By

Published : Oct 27, 2019, 12:02 AM IST

গোলাঘাট, 26 অক্টোবৰ: পৰিৱৰ্তন -এই শব্দটো ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে বিজেপিয়ে দখল কৰিছে নিজৰ শাসন ভাৰ । দৰাচলতে কিমান পৰিৱৰ্তন হৈছে অসম তথা ভাৰতবৰ্ষ। তাৰে এক প্ৰমাণ প্ৰতিফলিত কৰিলে এক কৰুণ দৃশ্যই। বিজেপি দলৰ মূল উদ্দেশ্য হৈছে "চবকে সাথ, চবকে বিকাশ" আৰু পৰিবৰ্তন। কিন্তু বিজেপি চৰকাৰে কিমান পৰিৱৰ্তন কৰিব পাৰিছে অঞ্চলসমূহ । ৰাজনৈতিকভাৱে ৰোষৰ বলি হোৱা এই অঞ্চলটো হৈছে গোলাঘাট জিলাৰ টেঙানি। যাতায়তৰ ক্ষেত্ৰত টেঙানিবাসী ৰাইজে ভুগি আহিছে কৰুণ যন্ত্ৰণা ।

এই কৰুণ যন্ত্ৰণাৰ মাজতে সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা । টেঙানি অঞ্চলৰ হুইহিং পথাৰ গাঁৱৰ নিৰ্বাসী বুঢ়া মিলিৰ পত্নীৰ মৃত্যুৱে সকলোকে সেমেকাই তুলিলে। নিশা বুঢ়া মিলিৰ পত্নী অসুস্থ হোৱাত পথৰ দুৰৱস্থাৰ বাবেই ঠেলাত কঢ়িয়াই পলমকৈ চিকিৎসালয় নিয়া হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় । পথৰ দুৰৱস্থাৰ বাবেই চিকিৎসা বিভাগৰ জৰুৰীকালীন এম্বুলেন্স পথেৰে গাঁৱলৈ নাহে । গাঁৱৰ ৰাইজে টুলুঙা নাৱেৰে মৃতদেহ ধনশিৰি নদীৰ ঔগুৰি আলিছিগা পাৰঘাটেদি পাৰ কৰি ৪ কিলোমিটাৰ নিজা ঘৰলৈ নিবলগীয়া হৈছে । বৰ্তমান আলিছিগা পাৰঘাটত দলঙৰ অভাৱ । অঞ্চলটোৰ পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ ৰাইজক । এতিয়া লক্ষ্যণীয় বিষয়টো হৈছে এনে কৰুণ ঘটনা ঘটাৰ পাচত গা লৰিবনে কৰ্তৃপক্ষৰ ৷ দূৰ হ'বনে টেঙানিবাসী ৰাইজৰ যাতায়তৰ এই নৰক যন্ত্ৰণা ৷

টেঙানিৰ পথৰ বিপদজনক ৰূপ
টেঙানিবাসী ৰাইজৰ যাতায়তৰ শোচনীয় অৱস্থা

লগতে পঢ়কঃ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁঁটা

ABOUT THE AUTHOR

...view details