বোকাখাট, 14 ডিচেম্বৰ :আমাক এখন দলং লাগে ! এটা পুৰণি দাবী, যোৱা 8 ছেপ্টেম্বৰৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনা(Nimatighat boat tragedy)ৰ পিছত অৱশ্যে এই দাবীত সমস্বৰে চিঞৰিলে ৰাজ্য বাসীয়ে(Demand for a bridge to Majuli) ৷ মুখ্যমন্ত্ৰীয়ে কথা দিলে বহু দিনৰ পৰা হ’ব হ’ব বুলি আলোচিত হৈ থকা দলংখন এইবাৰ হেনো সম্পূৰ্ণ হ’ব ৷ পিছে এখন দলঙৰ দাবী অকল মাজুলীবাসীয়েই কৰা নাই ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এখন দলঙৰ বাবে প্ৰাণ হেৰুৱাইছে বহুজনে ৷ কেৱল এখন দলং নোহোৱাৰ বাবে প্ৰাণ হেৰুওৱা মানুহৰ হিচাপ আমি আগতেও দিছো ৷
পিছে, এই একোখন দলং নোহোৱাৰ বাবেই টুলুং-ভুটুং নাৱত কোনো প্ৰসূতিয়ে সন্তান জন্ম দিয়াৰ দৰে ঘটনাৰো বহুবাৰ সাক্ষী হৈছে এইখন অসম ৷ সময়ত নাও নাপাই চাকৰিৰ ইন্টাৰভিউ, পৰীক্ষা গৃহত সময় মতে উপস্থিত হ’ব নোৱাৰাজনৰ কথা নকলোৱেই যেনিবা ৷ একেদৰেই এখন দলঙৰ অপেক্ষাত আছে বোকাখাতৰ নিকৰিঘাটবাসী ৷ ধনশিৰি নদীৰ ওপৰেৰে আজিও টুলুঙা নাৱেৰে যাতায়ত কৰি আছে দৈনিক শ শ গঞাই(Dangerous boat ride in Dhanshiri river) ৷