অসম

assam

By

Published : Aug 2, 2021, 8:38 PM IST

ETV Bharat / state

বোকাখাতৰ কৃষকক কঠিয়া বিলালে মন্ত্ৰী অতুল বৰাই

বোকাখাতৰ কৃষকক উন্নত প্ৰজাতিৰ কঠিয়া বিতৰণ ৷ কৃষিমন্ত্ৰী অতুল বৰাই কঠিয়াসমূহ কৃষকসকলক বিতৰণ কৰে ৷ বোকাখাতৰ 500 গৰাকী কৃষকৰ মাজত বিনামূলীয়াকৈ কঠিয়াখিনি বিতৰণ কৰা হয় ৷

winter paddy seedlings distributed in bokakhat
কৃষকক বিতৰণ কৰিলে উন্নত প্ৰজাতিৰ কঠীয়া

বোকাখাত, 2 আগষ্ট : মন্ত্ৰী অতুল বৰাই বোকাখাতৰ কৃষকক বিতৰণ কৰিলে উন্নত প্ৰজাতিৰ কঠিয়া । প্ৰতি বছৰে বানপীড়িত কৃষকৰ বাবে বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত কৃষি বিভাগে কঠিয়া বিতৰণ কৰি আহিছে । চলিত বৰ্ষত যদিও বানৰ সংসাৰী ৰূপ নাই তথাপিও মহকুমা কৃষি বিভাগে কৃষকৰ সহায়ৰ বাবে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ, পানবাৰী নিগম আৰু ৰৌদুৱা পথাৰত মুঠ 40 হেক্টৰ ভূমিত কৃষকৰ বাবে বাহাদুৰ চাব 1 আৰু ৰঞ্জিত চাব 1 প্ৰজাতিৰ কঠিয়া সিঁচিছিল ৷

বোকাখাতৰ কৃষকক কঠীয়া বিলালে মন্ত্ৰী অতুল বৰাই

ক’ভিডৰ গণসংক্ৰমণৰ বাবে বহু কৃষকে নিজৰ প্ৰয়োজনীয় কঠিয়াখিনি যোগাৰ কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । ইয়াৰ মাজতে সোমবাৰে কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাতৰ 500 গৰাকী কৃষকক বিনামূলীয়াকৈ কঠিয়া বিতৰণ কৰে । পৰৱৰ্তী সময়ত প্ৰতিগৰাকী কৃষকক 2 বিঘাকৈ কঠিয়া প্ৰদান কৰি 2 হাজাৰ কৃষকক উপকৃত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপত দৰিদ্ৰ কৃষকসকলে এতিয়া এক আশাৰ ৰেঙণি দেখিবলৈ পাইছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত বানাক্ৰান্তক বিনামূলীয়া কঠিয়া যোগানৰ উদ্দেশ্যে শালি ধানৰ কঠিয়া সিঁচা হয় ৷ ডিব্ৰুগড়ৰ খনিকৰত সমূহীয়াভাৱে সিঁচা হয় এই শালি ধানৰ কঠিয়া ৷

সমূহীয়াভাৱে সিঁচা এই শালি ধানৰ কঠিয়া পৰিদৰ্শন কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই । কঠিয়াতলি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে আৰু ডিব্ৰুগড় জিলা কৃষি বিভাগ আৰু কৃষি উন্নয়নমুখী গোটক কৃতজ্ঞতা জ্ঞাপন কৰে । কৃষকৰ বাবে উন্নয়নমুখী গোটে গ্ৰহণ কৰা তৎপৰতাৰ কথাও জিলা উপায়ুক্ত গৰাকীয়ে পৰিদৰ্শন কালত কৃষিক মন্ত্ৰীগৰাকীক অৱগত কৰে ৷

লগতে পঢ়ক:খনিকৰৰ কঠিয়াতলিত কৃষি মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details