ধনশিৰি, ২৮ জুন : ধনশিৰি মহকুমাৰ অসম - নাগালেণ্ড সীমান্তৰ চুঙাজানত দীৰ্ঘ দিন ধৰি নিৰপেক্ষ বাহিনীৰ সন্মুখতে নগাৰ হাতত প্ৰাণ গৈছে বন্যপ্ৰাণীৰ । স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, একাংশ নগা লোকে এম. ভি. চাৰিআলিত থকা বৃহৎ বৰগছজোপাত আহি পৰা চৰাই আৰু অন্যান্য জীৱ - জন্তু গুলিয়াই হত্যা কৰি ভক্ষণৰ বাবে লৈ যায় । কিন্তু অঞ্চলটোত থকা নিৰপেক্ষ (কেন্দ্ৰীয় সংৰক্ষিত বাহিনী) ৰ সন্মুখতে হাতত এনেদৰে বন্যপ্ৰাণী চিকাৰ হোৱা কাৰ্যক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
চুঙাজানত নগায়ে নিধন কৰিছে বন্যপ্ৰাণীঃ নিমাত নিৰাপত্তাৰক্ষী - চিআৰপিএফ
চুঙাজানত একাংশ নগা লোকৰ হাতত প্ৰতিদিনে প্ৰাণ গৈছে বহু চৰাই আৰু জীৱ-জন্তুৰ । চিআৰপিএফ জোৱানৰ সন্মুখতেই নগাই এনেদৰে হত্যা কৰিছে বন্যপ্ৰাণী ।
![চুঙাজানত নগায়ে নিধন কৰিছে বন্যপ্ৰাণীঃ নিমাত নিৰাপত্তাৰক্ষী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3685835-thumbnail-3x2-wi-2.jpg)
চুঙাজানত একাংশ নগাৰ হাতত নিহত বন্যপ্ৰাণী
চুঙাজানত একাংশ নগাৰ হাতত নিহত বন্যপ্ৰাণী
দিন দুপৰতে চকুৰ সন্মুখত সংঘটিত হোৱা এনে কাৰ্যৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চিআৰপিএফক বাধ্য কৰিবলৈ অসম প্ৰশাসনৰ ওচৰত বিভিন্ন সংগঠনে দাবী উত্থাপন কৰিছে ।