অসম

assam

ETV Bharat / state

এফালে দুৰ্গোৎসৱ, আনফালে গজৰাজ - গোলাঘাট নুমলীগড়ত হাতী-মানুহৰ সংঘাত

গোলাঘাট নুমলীগড়ত হাতী-মানুহৰ সংঘাত ৷ বহুপৰলৈ বন্ধ 39 নং ৰাষ্ট্ৰীয় ঘাই পথ ৷

নুমলীগড় ন-পথাৰ অঞ্চলত বন্যহস্তীৰ প্ৰৱেশ

By

Published : Oct 6, 2019, 2:09 PM IST

গোলাঘাট, 6 অক্টোবৰ: দুৰ্গোৎসৱৰ আনন্দৰ দিনতো গোলাঘাট নুমলীগড় ন-পথাৰ অঞ্চলত ৰাইজে দিন নিয়াব লগা হৈছে বন্যহস্তীৰ আতংকত ৷ দেওবাৰে অষ্টমীৰ আনন্দৰ মাজতে বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নুমলীগড় ন-পথাৰ অঞ্চলত ৷

শনিবাৰে নিশা ৪০-৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰে অঞ্চলটোৰ খেতিপথাৰ । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখন,খেতি পথাৰ । নিশাটো বাদেই দিন-দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে ৷

হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ লোৱাৰ সময়তো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

নিশা উজাগৰে হাতী খেদিছে গঞাই

ABOUT THE AUTHOR

...view details