অসম

assam

ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ

নুমলীগড়ত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ দৈগ্ৰোং চাহ বাগিছাত মঙলবাৰে নিশা বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলাই চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড-ভণ্ড কৰে ৷

wild-elephant-terror-at-numligargh
নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Jun 2, 2021, 5:00 PM IST

গোলাঘাট, 2 জুন :গোলাঘাট জিলাৰ নুমলীগড়ত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত দৈগ্ৰোং চাহ বাগিছাত মঙলবাৰে নিশা বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকটোৱে অঞ্চলটোত উপদ্ৰৱ চলাই চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ উপৰিও পৰিয়ালকেইটাৰ খাদ্য সামগ্ৰীৰ লগতে ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰে ৷

নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ

বহু বাৰ এইক্ষেত্ৰত বন বিভাগক অৱগত কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । হাতী মানুহৰ সংঘাতৰ এই ভয়াৱহ পৰিস্থিতিয়ে অঞ্চলবাসীক আতংকিত কৰি তুলিছে ৷

লগতে পঢ়ক :‘কাজিৰঙাক অকলে এৰি দিয়ক’: অসম চৰকাৰক সমালোচনা দিয়া মিৰ্জাৰ

ABOUT THE AUTHOR

...view details