গোলাঘাট, 9 নৱেম্বৰ: ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত বিগত দুটা মাহৰো অধিক কাল বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ ফলত উপায়ন্তৰ হৈ পৰিছে অঞ্চলবাসী ৷
স্থানীয় ৰাইজৰ মতে, বিগত কিছুদিনৰ আগলৈকে নিশাৰ ভাগত অঞ্চলটোৰ ধাননি পথাৰত ধান খাই দিনৰ ভাগত পথাৰৰ পৰা কাষৰীয়া চাহ বাগিচা অথবা হাবিত আশ্ৰয় লৈছিল এটা হাতীৰ জাক (Man Elephant Conflict in Golaghat) ৷ পিছে বিগত দুটা দিনত দিনে নিশাই হাতীৰ এই জাকটো দুটা ভাগত বিভক্ত হৈ নিগাজীকৈ ধাননি পথাৰতে থাকি এফালৰ পৰা ধাননি তহিলং কৰিছে ৷ ফলত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে কৃষক ৰাইজে ৷
ৰাইজে বিভিন্ন কৌশল অৱলম্বন কৰিও হাতীৰ জাকটোক এইপৰ্যন্ত খেদি পঠাবলৈ সক্ষম হোৱা নাই । ফলত অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ আনহাতে বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো উপস্থিত নহয় বন বিভাগৰ লোক ৷ এই বৃহৎ হাতীৰ জাকটো শালিখেতি সঁজাল ধৰাৰ সময়তে আহি খেতি চপোৱাৰ সময়তে এইদৰে উপদ্ৰৱ কৰি মুক্ত বিচৰণ কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী (Wild elephant free roaming in Golaghat)।