বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ কৰুণ মৃত্যু - হাতী মানুহৰ সংঘাত
খাদ্যৰ সন্ধানত গোলাঘাটৰ মিৰিপথাৰ অঞ্চলত বন্য হস্তীৰ এটা জাকে প্ৰৱেশ কৰি অঞ্চলটোত উপদ্ৰৱ সৃষ্টি কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা বিজুলী বনাঞ্চললৈ যোৱাৰ পথত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা বন্য হস্তীৰ মৃত্যু হয় ৷
গোলাঘাট, 12 চেপ্তেম্বৰঃ গোলাঘাটত হাতী মানুহৰ সংঘাতৰ কৰুণ পৰিণতি । বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু এটা বন্যহস্তীৰ । বুধবাৰে নিশা খাদ্যৰ সন্ধানত গোলাঘাটৰ মিৰিপথাৰ অঞ্চলত বন্য হস্তীৰ এটা জাকে প্ৰৱেশ কৰি অঞ্চলটোত উপদ্ৰৱ সৃষ্টি কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা বিজুলী বনাঞ্চললৈ যোৱাৰ পথত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা বন্য হস্তীৰ মৃত্যু হয় ৷ হাতীটোৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজে বন বিভাগ আৰু শক্তি বিভাগক জগৰীয়া কৰিছে ৷ কিয়নো কিছু দিন পূৰ্বেও অঞ্চলটোত বিদ্যৎ পৰিবাহী তাঁৰত লাগি কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ পাছতো বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল যাৰ বাবে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷