অসম

assam

ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত যুৱক

গোলাঘাট জিলাৰ নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক ৷ ইফালে বন্যহস্তীৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ অন্য সদস্য সকল ৷

By

Published : Aug 6, 2020, 6:16 PM IST

Wild Elephant couses Terror in Golaghat
গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন যুৱক

গোলাঘাট, 6 আগষ্টঃগোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বন্যহস্তীৰ উপদ্ৰৱত প্ৰতিটো নিশা উজাগৰে কটাবলগীয়া হৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে নুমলীগড়বাসীয়ে ৷ নিশা টোপনি গ'লেই আহিব পাৰে বিপদ কাৰণ যিকোনো সময়ত হ'ব পাৰে বন্যহস্তীৰ আক্ৰমণ ৷ সমগ্ৰ অঞ্চলটোত দিনে নিশাই বনৰীয়া হাতীয়ে সৃষ্টি কৰিছে ত্ৰাসৰ ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ নুমলীগড়ত কিছুদিন পূৰ্বে পৰিয়ালৰ এজন সদস্য ক'ভিড-19 ত আক্ৰান্ত হোৱাত বাসগৃহটো কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰি উক্ত দৰিদ্ৰ পৰিয়ালটোক হ'ম কোৱাৰেণ্টাইনত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছিল। কিন্তু বৃহস্পতিবাৰে পুৱতি নিশা অহা দুটা বনৰীয়া হাতীয়ে টিংকু ঘোষৰ পৰিয়ালটোক বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে অতৰ্কিতে টিংকু ঘোষ আৰু ভায়েক প্ৰবীণ ঘোষক আক্ৰমণ কৰে । বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় টিংকু ঘোষ ৷ ইফালে পৰিয়ালটোৰ বাসগৃহ লণ্ড ভণ্ড কৰি খাই তহিলং কৰে ভঁড়ালৰ ধান ৷ পৰিয়ালটোৰ আন সদস্য সকলৰ কথমপি বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰ'ক্ষা পৰে।

গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন যুৱক

একে সময়তে নুমলীগড়ৰ বিহৰা চাহ বাগিচাৰ কেইবাটাও লাইনত বৃহস্পতিবাৰে কেইবাদিন ধৰি পোৱালি সহ বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰিছে । কিন্তু সকলো জানি শুনিও নুমলীগড় বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

ABOUT THE AUTHOR

...view details