গোলাঘাট, 2 অক্টোবৰঃ গোলাঘাটৰ নুমলীগড়ৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ। মৰঙী মৌজা আৰু বৃহত্তৰ নুমলীগড় অঞ্চলত প্ৰতিদিনে বন্যহস্তীয়ে চলাই আহিছে সন্ত্ৰাস ৷ একেদৰে গোলাঘাট জিলাৰ গোবিন্দপুৰ চাহ বাগিচাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো বৃহস্পতিবাৰে বন্যহস্তীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ হাতে হাতে জুমুঠি লৈ স্থানীয় একাংশ মহিলাই হাতী খেদাৰ বাবে চেষ্টা চলায় ৷ হতীৰ সন্ত্ৰাসৰ বাবে নুমলীগড় মৰঙীৰ বহু কৃষকে খেতি কৰিবলৈ বাদ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কিন্তু ইমানৰ পিছতো বিয়াগোম বন বিভাগে ৰাইজক সুৰক্ষা দিয়াত চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে ৷
নুমলীগড়ৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ - নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ
গোলাঘাটৰ নুমলীগড়ৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ। মৰঙী মৌজা আৰু বৃহত্তৰ নুমলীগড় অঞ্চলত প্ৰতিদিনে বন্যহস্তীয়ে চলাই আহিছে সন্ত্ৰাস ৷
![নুমলীগড়ৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ Wild elephant attack at Numoligarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9018072-thumbnail-3x2-g.jpg)
নুমলীগড়ৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ