গোলাঘাট, 27 জুনঃ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ বাদে অন্য ঠাইত ঘোষণা কৰিছে সাপ্তাহিক লক ডাউন ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক পূৰ্ণ সমৰ্থন জনাইছে গোলাঘাটবাসীয়ে ৷ কিয়নো কৰ'ণা মহামাৰীয়ে ইতিমধ্যে ব্যাপক প্ৰভাৱ পেলাইছে গোলাঘাট জিলাত ৷ শনিবাৰে চৰকাৰে জাৰি কৰা সাপ্তাহিক লক ডাউনৰ সৰ্বত্ৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল জিলাখনত ৷
গোলাঘাটত সাপ্তাহিক লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ - weekly lock down in golaghat district
শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰা সাপ্তাহিক লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে গোলাঘাট জিলাত ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে জিলাখনৰ প্ৰতিগৰাকী সচেতন নাগৰিকে ৷
weekly lock down in golaghat district
উল্লেখ্য যে, জিলাখনৰ এখন চৰকাৰী চিকিৎসালয়কে ধৰি দুখনকৈ ব্যক্তিগত চিকিৎসালয়ত COVID-19 আক্ৰান্তৰ লোকৰ উপস্থিতিয়ে এক হাহাকাৰ পৰিস্থিৰ সৃষ্টি কৰিছিল স্থানীয় লোকৰ মাজত ৷ সেয়েহে চৰকাৰৰ এই সিদ্ধান্তক প্ৰসংশা কৰিছে প্ৰতিগৰাকী সচেতন লোকে ৷
লগতে পঢ়কঃতেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন