অসম

assam

ETV Bharat / state

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ - গোলাঘাট

গোলাঘাট জিলা উপায়ুক্ত, পৌৰপতি আৰু জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ উপস্থিতিত বিশুদ্ধ খোৱা পানী যোগানত প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নুমলীগড় তেল শোধানাগাৰে যমুনা পুখুৰী চাফাইৰ নামত দিয়া 19 লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে নগৰৰ সচেতন ৰাইজে ।

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ

By

Published : Apr 26, 2019, 9:04 PM IST


গোলাঘাট,26 এপ্ৰিল : গোলাঘাটত বিশুদ্ধ খোৱা পানী যোগানৰ নামত বৰ বিহ ৷ বিশুদ্ধ খোৱা পানীৰ নামত পৌৰসভাই নগৰবাসীৰ জীৱনক লৈ খেলা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

গোলাঘাট জিলা উপায়ুক্ত, পৌৰপতি আৰু জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ উপস্থিতিত বিশুদ্ধ খোৱা পানী যোগানত প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নুমলীগড় তেল শোধানাগাৰে যমুনা পুখুৰী চাফাইৰ নামত দিয়া 19 লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে নগৰৰ সচেতন ৰাইজে । উল্লেখ্য যে, গোলাঘাট পৌৰসভাই ধনশিৰি নদীৰ পৰা পাইপেৰে পানী জমা কৰে নগৰৰ মাজমজিয়াত অৱস্থিত যমুনা পুখুৰীত । এই যমুনা পুখুৰীটো এটা জলাশয়ত অৱস্থিত হোৱাৰ বাবেই শৌচালয়ৰ পানী, নগৰৰ আৱৰ্জনা আৰু নলা-নৰ্দমাৰ পানী সোমাই বিষাক্ত কৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই কৰি আহিছে ৰাইজে । সুদীৰ্ঘ 35 টা বছৰে উক্ত জলাশয়টো চাফা নকৰাৰ ফলতেই আৱৰ্জনাৰে ভৰি পৰাৰ বাবে শেহতীয়াকৈ গোলাঘাটত টাইফইড আৰু বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ

আনহাতে, জলাশয়টো চাফাইৰ বাবে 19 লাখ টকাৰ নিবিদা আহ্বান কৰি গোলাঘাট পৌৰসভাই চাফাই অভিযান অব্যাহত ৰাখিছে যদিও অতি লেহেমীয়া গতিত চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজৰ অভিযোগৰ পাচত শুকুৰবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰপতিক লৈ জলাশয়টোৰ পৰিৱেশৰ বুজ লয় গোলাঘাট জিলা উপায়ুক্তই । ইয়াৰ মাজতে পৌৰসভাৰ কাৰ্যৰ বিৰোধিতা কৰি উপায়ুক্তৰ সন্মুখতে পৌৰপতি আৰু অভিযন্তাক কঠোৰ সকিয়নী প্ৰদান কৰে নগৰৰ সচেতন লোকসকলে । কেৱল এয়াই নহয়, নগৰবাসীক আৰ্চেনিক মুক্ত বিশুদ্ধ পানী খোৱাৰ নামতো বৰবিহ খোৱাই থকাক লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ সচেতন নাগৰিকে ৷

ABOUT THE AUTHOR

...view details