অসম

assam

By

Published : Mar 22, 2022, 5:07 PM IST

ETV Bharat / state

Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

মৰুভূমি হ'ব নেকি ব্ৰহ্মপুত্ৰ উপত্যকা ? বন্যপ্ৰাণী কিম্বা মানুহৰ জীৱনৰ বাবে কি ইংগিত বহন কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই ? ভয়ানকভাৱে শুকাই গৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপ-নৈ সমূহৰ পানী (Brahmaputra river dries up)।

Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি
Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

বোকাখাট, 22 মাৰ্চ:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী (Threat to wildlife of Kaziranga) আৰু বোকাখাত মহকুমাৰ কৃষিজীৱী ৰাইজলৈ ভাবুকি কঢ়িয়াই অস্বাভাৱিক হাৰত শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু অন্যতম উপ-নৈ ধনশিৰিৰ পানী (water of Brahmaputra has dried up) । বোকাখাত নগৰৰ উত্তৰ দিশত অৱস্থিত সংগমস্থলীত মিলিত হৈছে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈ । এই স্থানত ভৰ-খৰালি কালতো একৰ পৰা ডেৰ মিটাৰ পানী আছিল যুগ-যুগান্তৰ ধৰি ।

কিন্তু এইবাৰ একেটা স্থানত ভয়ংকৰ ৰূপত পানী শুকাই যোৱা দেখি আচৰিত হৈছে কৃষক-গঞা । ধনশিৰি, গেলাবিল, কালিয়নী আদি ব্ৰহ্মপুত্ৰৰ সৰু-বৰ নৈবোৰ লগ হৈ নদীয়ে বৃহৎ আকাৰৰ পৰিসৰ বৃদ্ধি কৰিছে এই ধনশিৰি মুখত । য'ত বাৰ মাহেই এটা সুঁতিৰ পৰা আন এটা সুঁতিহৈ ফেৰী অথবা নাও চলাচল কৰিব পাৰে । কিন্তু নাই; এইবাৰ নৈ পৰীয়া কৃষক ৰাইজে নাও বান্ধি ৰাখিব লগীয়া হৈছে দৰিয়লিত ।

Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

ইফালে বন্ধ হৈ আছে ধনশিৰিমুখ-গহপুৰ সংযোগী ফেৰী সেৱা । এতিয়া ব্ৰহ্মপুত্ৰৰ পানী ইমানেই শুকাইছে যে ইটোৰ পৰা সিটো সুঁতিলৈ যিকোনো লোকেই খোজ কাঢ়ি পাৰ হব পাৰে । স্থানীয় কৃষকৰ মতে ব্ৰহ্মপুত্ৰৰ এই অস্বাভাৱিক পৰিৱৰ্তন বৃহৎ নদীবান্ধৰ বাবেই আহিছে ।

লক্ষণীয় যে প্ৰায় ৮/৯ কিলোমিটাৰ ব্যাসৰ বিস্তীৰ্ণ বক্ষত ব্ৰহ্মপুত্ৰই স্থান দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক । ইয়াৰ বৃহৎ সংখ্যক চাপৰিত গঁড়, হাতী, বাঘ, পহুকে ধৰি চৰাই আৰু সৰীসৃপ থাকিব পৰাকৈ যথেষ্ট ঠাই আছে কাজিৰঙাৰ এই ষষ্ঠ সংযোজন এলেকাত । কিন্তু পানী নাথাকিলে বাছি নাথাকিব বন্যজীৱ আৰু মানুহ ৷ ভৰা ব্ৰহ্মপুত্ৰৰ পানী অতিমাত্ৰা শুকুৱাই যোৱালৈ চাই শংকা আৰু দুৰ্ভাৱনাই এতিয়া দুয়োপাৰৰ ৰাইজক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক:Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

ABOUT THE AUTHOR

...view details