অসম

assam

ETV Bharat / state

Dayang Hydroelectric Project: দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী; জলবিদ্যুৎ প্ৰকল্পত বিপদসীমা অতিক্ৰম জলস্তৰৰ - দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

বিপদত পৰিব পাৰে গোলাঘাট জিলাৰ দৈয়াং নৈপৰীয়া ৰাইজ । নগা পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পত বিপদসীমা অতিক্ৰম কৰিছে জলস্তৰে । সেয়ে যিকোনো মূহুৰ্ত্বত খুলি দিয়া হ'ব পাৰে প্ৰকল্পটোৰ গেইটসমূহ । নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী প্ৰেৰণ কৰিলে জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই ।

Dayang Hydroelectric Project Authority warns
দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

By

Published : Aug 8, 2023, 9:57 PM IST

সৰুপথাৰ,৮ আগষ্ট:গোলাঘাট জিলাৰ দৈয়াং নৈপৰীয়া ৰাইজৰ বাবে বিপদ হৈ ঠিয় দিব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্প । ইতিমধ্যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰিছে নৈপৰীয়া ৰাইজলৈ । নগা পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমা অতিক্ৰম কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীয়ে । সেয়ে যিকোনো মূহুৰ্ত্তত খুলি দিয়া হ'ব পাৰে জলবিদ্যুৎ প্ৰকল্পটোৰ গেইটসমূহ ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

জানিবপৰা মতে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীয়ে ৩১৯.৭০ মিটাৰ অতিক্ৰম কৰিছে । ৰিজাৰ্ভাৰৰ পানী ৩২১ মিটাৰ স্পৰ্শ কৰিলেই খুলি দিয়া হ'ব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পটোৰ গেইটসমূহ । সেয়ে, নৈপৰীয়া ৰাইজক সাৱধান হৈ থাকিবলৈ গোলাঘাট জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা-ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পাই আছে । NEEPCO কৰ্তৃপক্ষই জনোৱা মতে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীও ক্ৰমাৎ বৃদ্ধি পাই আছে ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

মঙলবাৰে পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩১৯.২০মিটাৰ আৰু দিনৰ ১১ বজাত এই পৰিমাণ আছিল ৩১৯.৭০মিটাৰ । এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰা হৈছে । NEEPCO কৰ্তৃপক্ষই জনাইছে যে, জলস্তৰ এনেকৈ বৃদ্ধি পাই থাকিলে ইএল ৩২১ মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব । ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক কিছু সতৰ্ক হ'বলৈ আহ্বান জনাই ।

দৈয়াং নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী

জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

লগতে পঢ়ক:Assam flood Situation: ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details