সৰুপথাৰ, 12 আগষ্ট : ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ গৌৰৱৰ বতৰা কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰিবলৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমা । সকলোৱে এতিয়া ব্যাপক তৎপৰতাৰে সাজু হৈছে বক্সাৰগৰাকীক স-সন্মানেৰে আদৰিবলৈ । মহকুমাটোৰ লগতে বৰপথাৰ নগৰৰ পৰা লাভলীনাৰ ঘৰলৈ যোৱা পথটি এতিয়া ভৰি পৰিছে লাভলীনালৈ অভিনন্দন আৰু স্বাগতম জনোৱা বেনাৰ, হৰ্ডিং আৰু তোৰণেৰে ।
ইফালে কেঁচা মাটিৰ গোন্ধত বোকা পানী খচকি ডাঙৰ দীঘল হোৱা বৰপথাৰৰ সেই বিশেষ গাঁও খনত চলিছে মৰমৰ লাভলীনাক আদৰাৰ অন্তহীন প্ৰস্তুতি । ওপজা গাঁও বাৰমুখীয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া বক্সাৰগৰাকীক আদৰিবলৈ ৰৈ আছে অতি ব্যাকুলতাৰে । লাভলীনাৰ ঘৰখনত প্ৰত্যেক দিনাই এতিয়া উখল-মাখল পৰিবেশ । গাঁওবাসীয়ে বিহু নাম গাই নাচি-বাগি ঘৰখন কৰি তুলিছে ৰঙালী বিহুৰ দিনকেইটাৰ দৰেই ।
লাভলীনাৰ ওপজা আপোন ঘৰখন, চিনাকী পদুলিটোৰ লগতে তামোল পাণেৰে ভৰা বাৰীখনো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়া কৰি তোলা হৈছে । আনহাতে লিচা আৰু লিমা দুই ভগ্নী ইতিমধ্যেই লাভলীনাৰ বাবেই নিজ কৰ্মস্থলীৰ পৰা ছুটী লৈ ঘৰত আহি উপস্থিত হৈছেহি । সৰু জীয়াৰীক চাবলৈ অতি আকুলতাৰে পদুলিলৈ বাট চাই আছে মাতৃ মামণি বৰগোহাঁয়ে ।