গোলাঘাট, 18 জুলাই :গোলাঘাটৰ শ্ৰীমন্ত নগৰত দেওবাৰে জুৱা খেল (Gambling)ক লৈ তিনি যুৱকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ৷ জুৱা খেল খেলি থকা অৱস্থাত তিনি বন্ধুৰ মাজত কথাৰ কটাকটি হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পাচতে বন্ধু তিনিজনৰ ইজনে আনজনক মাৰপিট কৰে ৷ শ্ৰীমন্ত নগৰৰ এটা পৰিত্যক্ত ঘৰত তিনি বন্ধুৱে মিলি খেলিছিল জুৱা ৷
মৃদুল কৰ্মকাৰ নামৰ যুৱকজনক ৰাজা দাস আৰু ৰবীন দাসে মিলি হাতুৰীৰে আক্ৰমণ কৰে । আনহাতে, মৃদুলেও এডাল কাঠেৰে দুয়োজনকে আক্ৰমণ কৰাত তিনিওজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত হৈ শ্ৰীমন্ত নগৰৰ পথৰ কাষত পৰি ৰয় যুৱক তিনিজন ৷ ইয়াৰ পাচতে গোলাঘাট আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱক তিনিজনক উদ্ধাৰ কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।