কাজিৰঙা,৪ নৱেম্বৰ :অসমৰ ৰাজপথত ভিনটেজ কাৰ (Vintage car) । কাজিৰঙাত ভিনটেজ কাৰ চাবলৈ ভিৰ ৰাইজৰ । এখন দুখন নহয় ১৫ খনকৈ ৭০-৮০ দশকৰ বিলাসী বাহন লৈ বিদেশী পৰ্যটক উপস্থিত কাজিৰঙাত (Vintage car rally at Kaziranga)। বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় লোক ।
উল্লেখ্য যে বিগত ১০ বছৰ ধৰি বেলজিয়ামৰ এটা সংস্থাই বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলীৰ আয়োজন কৰি আহিছে (Vintage car rally arrived in Assam)। এইবাৰ এছিয়া মহাদেশৰ তিনিখনকৈ দেশত আয়োজন কৰিছে আমেৰিকা আৰু ইউৰোপীয় কেইবাখনো দেশৰ সমূহীয়া এই ভিনটেজ কাৰ ৰেলী । ২৫ দিনীয়াকৈ আয়োজন কৰা ভিনটেজ কাৰ ৰেলী বৃহস্পতিবাৰে উপস্থিত হয় কাজিৰঙাত ৷
ইতিমধ্যে ভূটান ভ্ৰমণ কৰি অহা ৰেলীটো উত্তৰ-পূৱ ভাৰত ভ্ৰমণ সম্পন্ন কৰিছে । ৰেলীটো এইবাৰ বাংলাদেশ অভিমুখে ৰাওনা হ'ব ৷ ৰেলীটোত থকা বাহনসমূহৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুৱাৰ, ভলভ', পৰ্ছি আদি বিখ্যাত কোম্পানীৰ ৭০-৮০ দশকৰ বিলাসী বাহন ।