গোলাঘাট, 15 জুলাই :গোলাঘাট জিলাৰ পাৰঘাট ধোদৰ আলিৰ সমীপৰ ধনশিৰি নদীৰ ওপৰত থকা এখন বাঁহৰ দলং উটুৱাই নিলে ধনশিৰি নৈ(Dhansiri river)ৰ সোঁতে। উল্লেখযোগ্য যে, খুমটাই আৰু সৰুপথাৰ সমষ্টি(Sarupathar LAC)ৰ মৰঙি মৌজাৰ বৰচাপৰি, পংকা আদি গাঁৱৰ ৰাইজৰ বহিঃবিশ্বৰ সৈতে যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম আছিল এই বাঁহৰ দলং(Bamboo bridge) খন ৷ বিভিন্ন সময়ত চৰকাৰক নিজৰ সমস্যাৰ কথা অৱগত কৰিও এখন দলং লাভ নকৰাত গঞা ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি লৈছিল উক্ত বাঁহৰ দলংখন ৷
উল্লেখযোগ্য যে, গাঁও কেইখনৰ পৰিয়াল সমূহৰ সমূহীয়া প্ৰচেষ্টাত নিৰ্মিত দলংখন নিজৰ দলীয় কাৰ্যসূচী লৈ উদ্বোধন কৰিছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে(Sarupathar MLA Bishwajit Phukan) ৷ কিন্তু, ধনশিৰি নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত নদীখনৰ সোঁতে ৰাইজৰ একমাত্ৰ আশা ভৰষাৰ থল বাঁহৰ দলংখন উটুৱাই নিয়ে ৷ এতিয়া বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱাই পোলোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাত উপায়হীন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷