গোলাঘাট, 12 জানুৱাৰী: পুহ বাগৰি মাঘ সোমাবৰ হ’ল ৷ পুৱা গধুলি গাখীৰৰ সৰৰ দৰে কুঁৱলীৰ আচ্ছাদনে ঢাকিছে চৌদিশ ৷ আঘোণৰ পৰা আৰম্ভ হোৱা পকা ধান চপোৱা কামবোৰ লাহে লহে শেষ হৈছে ৷ পথাৰৰ লখিমীয়ে ভঁৰাল ভৰিছে ৷ চেঙেলীয়া আৰু ডেকাহঁতে পথাৰত নৰা কাটি, খৰি-খেৰ গোটাই মেজি আৰু ভেলাঘৰ সাজিছে, মাঘৰ বিহু পালেহিয়েই ৷
আগতে ভোগালী বিহু বুলিলে গাঁওখন উখল-মাখল হৈ থাকে ৷ খৰি কটাই খৰি কাটে, নৰা কটাই নৰা কাটে, কোনো কোনোৱে মেজি-ভেলাঘৰ সাজে ৷ মুঠতে ভাগে ভাগে সকলোৱে কামবোৰ গা পাতি কৰে ৷ মনত ভোগালীৰ ৰং দুগুণে চৰে ৷ কিন্তু এইবাৰ গাঁওখন একেবাৰে নিতাল নিস্তব্ধ ৷ কাৰোৰে মনত নাই মেজি-ভেলাঘৰ সজাৰ উচাহ, চুবুৰীবোৰ কঁপি উঠা নাই জীয়াৰী-বোৱাৰীৰ ঢেকীৰ ছাবত ৷ যেন মৰিশালী সদৃশ নিস্তব্ধতাৰ গ্ৰাসত গাঁওখন ৷
এয়া অস্বাভাৱিক নহয়, নতুন বছৰৰ আৰম্ভনিতে গাঁওখনৰ গঞাই মনত কমটো আঘাত পালেনে ? এটা অভিশপ্ত দোকমোকালি, গাঁওখনৰ সকলোৰে মনৰ আনন্দ-স্ফূৰ্তি মচি পেলালে সেই সূৰ্যোদয়ে ৷
আমি কৈ থকা গাঁওখন হৈছে গোলাঘাটৰ বছা ভৰলুৱা গাঁও ৷ গোলাঘাট জিলাৰ পূৱ প্ৰান্তত কলিয়াপানী আৰু খাৰজান নৈৰ মধ্যস্থলত অৱস্থিত এই বছা ভৰলুৱা ৷ আগতে হোৱা হ’লে ইমান দিনে ভোগালী উদযাপনৰ আনন্দত গাঁও তল-ওপৰ হৈ থাকিলেহেতেন, এইবাৰ পিচে তেনেকুৱা একোৱেই নাই ৷ কিয়নো নৱবৰ্ষৰ তৃতীয় দিনটোতে গাঁওখনৰ কেইবাগৰাকীও বাসিন্দাই প্ৰাণ হেৰুৱালে দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত ৷