গোলাঘাট, 31 মাৰ্চ:গোলাঘাট জিলাত সঘনাই সংঘটিত হৈছে নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনা (Man Tiger conflict) ৷ বিশেষকৈ চাহ বাগিচাত আশ্ৰয় গ্ৰহণ কৰা লোকসকল নাহৰফুটুকীৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱা গোলাঘাটৰ টেঙানী ১ নং কেকুৰীগাঁৱত নাহৰফুটুকী আৰু জীৱশ্ৰেষ্ঠৰ মাজত এখন তয়াময়া যুঁজৰ সৃষ্টি হয় ৷ তাৰ পৰিণতিত জীৱশ্ৰেষ্ঠৰ হাতত প্ৰাণ হেৰুৱাব লগা হয় এটা নাহৰফুটুকী বাঘে (villagers brutally killed a leopard ) ৷
ঘটনা অনুসৰি এখন চাহ বাগিচাৰ কাষত গৰু এৰাল দিবলৈ যাওঁতেই তিনিগৰাকী লোকক আক্ৰমণ কৰে এটা নাহৰফুটুকী বাঘে ৷ চাহ বাগিচাখনৰ পৰা হঠাৎ ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে আক্ৰমণ কৰে তিনিওজনকে (Leopard attacks 3 villagers)। লগে লগে অঞ্চলটোত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ততাতৈয়াকৈ গাঁৱৰ লোকে আহত তিনিওজনকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷
বৰ্তমান চিকিৎসাধীন লোক তিনিজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে ইয়াৰ পিচতে গাঁৱৰ লোকে আক্ৰমণ কৰা নাহৰফুটুকীটোক হানি খুচি হত্যা কৰি গাত খান্দি পুতি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(brutally killed a leopard in Golaghat)। নাহৰফুটুকী বাঘটোক হত্যা কৰাৰ বহু সময়ৰ পিচতহে বন বিভাগৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়।