গোলাঘাট, 17 ফেব্ৰুৱাৰী :যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰলাই কুমাৰ গাঁৱত বুধবাৰে দুটাকৈ গৰু চোৰক আটক কৰা হয় ৷ নিশাৰ এক গৰু চুৰিকাণ্ডৰ সম্ভেদ পাই স্থানীয় ৰাইজে আটক কৰে উক্ত গৰু চোৰ কেইটাক ৷
স্থানীয় লোকে সদৰি কৰা মতে, বকলাইৰ লগতে সমীপৱৰ্তী কাকডোঙা অঞ্চলত বিগত কেইমাহৰ পৰা গৰু চুৰিকাণ্ড সংঘটিত হৈ আহিছিল ৷ সেই অনুসৰি যোৱা নিশাও কোকডোঙা অঞ্চলৰ পৰা গৰু চুৰি কৰি গাড়ীৰে লৈ যোৱা সম্ভেদ লাভ কৰিছিল স্থানীয় লোকে ৷
ইয়াৰ পিচতে বৰলাই কুমাৰ গাঁৱৰ নিবাসী দ্বীজেন বৰাৰ নামৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি থকা সময়তে চোৰ কেইটাক আটক কৰা লগতে গোলাঘাট আৰক্ষীক গটাই দিয়ে স্থানীয় লোকে ৷ জানিব পৰা মতে চোৰ দুটাৰ নাম যদু শইকীয়া আৰু সীমান্ত গগৈ ৷