অসম

assam

ETV Bharat / state

খুমটাই আদৰ্শ চিকিৎসালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান - খুমটাই ৰাজহ চক্ৰ

বিগত দুমাহৰ পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই মুকলি কৰিছিল খুমটাই আদৰ্শ চিকিৎসালয় । কিন্তু আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে

খুমটাই আদৰ্শ চিকিৎসালয়ত অভিযান

By

Published : Aug 23, 2019, 10:57 AM IST

গোলাঘাট, 23 আগষ্টঃ খুমটাই আদৰ্শ চিকিৎসালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ অভিযান । খুমটাই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ উন্নত চিকিৎসাৰ বাবে প্ৰতিষ্ঠা কৰা খুমটাই আদৰ্শ চিকিৎসালয়ত দুৰ্নীতিৰ তদন্ত কৰি অভিযান চলাই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে । উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই মুকলি কৰিছিল খুমটাই আদৰ্শ চিকিৎসালয় । কিন্তু আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে । কিয়নো চিকিৎসালয়খন শুভাৰম্ভ নকৰাৰ পূৰ্বে এজাক বৰষুণ দিলেই চিকিৎসালয়খনৰ পকি চাদেৰে নিগৰি অহা পানীৰে ভৰি পৰিছিল মজিয়া । বেৰবোৰত দেখিবলৈ পোৱা গৈছিল চিৰাল ফাট ৷ ইয়াৰোপৰি চিকিৎসালয় খনৰ দুৱাৰ খিৰিকী সমূহো অতি নিম্ন মানদণ্ডৰ নিৰ্মাণৰ অভিযোগ উঠে । এই কাৰ্যৰ বিৰোধিতা কৰি সেই সময়ত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কৰি কোনো ধৰণৰ সুফল নোপোৱাত অৱশেষত আইনৰ কাষ চাপিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববিয়া সকল ।

খুমটাই আদৰ্শ চিকিৎসালয়ত অভিযান

পৰবৰ্তী সময়ত খুমটাই ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চিকিৎসালয় খনৰ নিৰ্মাণৰ তদন্ত কৰি চিকিৎসালয়খন নিম্ন মানদণ্ড বুলি প্ৰমাণ হয় ৷ ইয়াৰ পিছতেই গোলাঘাট প্ৰশাসনে কাৰিকৰী সমিতি গঠন কৰি এক তদন্ত আৰম্ভ কৰিছিল । দল সংগঠনে চিকিৎসালয়খন নিম্ন মানদণ্ডৰ নিৰ্মাণৰ দুৰ্নীতি অভিযোগ উত্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্য যুটীয়া সঞ্চালক অবনি বৰঠাকুৰ আৰু এন আৰ এছ এমৰ অভিযন্তা অমৃত নেওগৰ বিৰুদ্ধে । ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰি চিকিৎসালয়খন বিভাগে নিম্নমানৰ নিৰ্মাণৰ অভিযোগ থকাৰ স্বতেও চমজি লোৱাৰ বিৰুদ্ধে খুমটাই আৰক্ষী চকীত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিত তথা দল সংগঠনৰ প্ৰতিবাদ স্বৰূপে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে শুকুৰবাৰে তদন্ত চলাই খুমটাই আদৰ্শ চিকিৎসালয়ত । কিন্তু এই তদন্তৰ সময়ত সাংবাদিকৰ পৰা এৰাই চলে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয়ববীয়াই । সাংবাদিক থাকিলে তদন্ত নকৰাৰো সকিয়নী চক্ৰৱৰ্তী উপাধিৰ এজন মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয়াৰ । মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ তদন্তক এক নাটক বুলি আখ্যা দিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে । প্ৰায় ৬ কোটি টকাৰে আৱন্টন লাভ কৰা চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ পৰা বিভাগক চমজাই দিয়ালৈকে স্বাস্থ্য যুটীয়া সঞ্চালক আৰু অভিযন্তা গৰাকী ঠিকাদাৰ মুন্নাফ আহমেদৰ লগত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

...view details