অসম

assam

উদণ্ড ট্ৰাক চালকৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ

By

Published : Sep 17, 2020, 3:25 PM IST

যোৰহাট অভিমুখে গৈ থকা NL-01AB-6643 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে ৰাখিবলৈ নিৰ্দেশ দিওতেই উদণ্ড চালক জনে আৰক্ষীৰ দিশে গতি কৰে ট্ৰাকখন। উক্ত কাণ্ডৰ ফলত কথমপি ৰক্ষা পৰে কেইবাজনো আৰক্ষী।

vehicle police attack at golaghat
উদণ্ড ট্ৰাক চালকৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ

গোলাঘাট,17 ছেপ্তেম্বৰঃ গোলাঘাট জিলাৰ কমাৰগাঁৱত উদণ্ড ট্ৰাক চালকৰ পৰা কথমপি ৰক্ষা পৰিল আৰক্ষীৰ। কমাৰগাঁও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মাস্ক নিপিন্ধা ব্যক্তি তথা ক’ভিদ প্ৰ'টকল অৱমাননা কৰা সকলৰ বিৰুদ্ধে অভিযান চলাই থাকোতে ঘটিল এক অভাৱনীয় কাণ্ড। যোৰহাট অভিমুখে গৈ থকা NL-01AB-6643 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে ৰাখিবলৈ নিৰ্দেশ দিওতেই উদণ্ড চালকজনে আৰক্ষীৰ দিশে গতি কৰে ট্ৰাকখন। উক্ত কাণ্ডৰ ফলত কথমপি ৰক্ষা পৰে কেইবাজনো আৰক্ষী।

উদণ্ড ট্ৰাক চালকৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ

সম্প্ৰতি আৰক্ষীয়ে বহু চেষ্টাত ট্ৰাকখন ৰখাবলৈ সক্ষম হয় কমাৰগাঁও আৰক্ষীয়ে। উদণ্ড চালকজনক আটক কৰিছে আৰক্ষীয়ে। আনহাতে কমাৰগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাস্ক পৰিধান নকৰা আৰু ক’ভিড প্ৰ'ট'কল নমনা সকলক জৰিমনা বিহাৰ লগতে ভৱিষ্যতে ক’ৰণা সংক্ৰমণৰ যুঁজখনত সহায় কৰিবলৈ আহ্বান জনায়। কমাৰগাঁও আৰক্ষীয়ে লোৱা এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে ৷

লগতে পঢ়কঃ ই এম আইৰ জড়িয়তে মবাইল ক্ৰয় কৰি বিপদত গ্ৰাহক

ABOUT THE AUTHOR

...view details