খুমটাই, 19আগষ্টঃ বিধায়ক মৃণাল শইকীয়াৰ ব্যক্তিক্ৰমী পদক্ষেপ। থলুৱা নাপিত আৰু কাঠমিস্ত্ৰীক প্ৰদান কৰিলে সঁজুলি। আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ ভাৰত আঁচনি কাৰ্যকৰী কৰাৰ পদক্ষেপ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। সমষ্টিটোৰ অন্তৰ্গত থলুৱা যুৱকক উৎসাহিত কৰাৰ লক্ষ্যৰে বিলালে সঁজুলি। নাপিত আৰু ৰাজমিস্ত্ৰীক কৰ্মৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলি প্ৰদান কৰি বিধায়ক শইকীয়াই মন্তব্য কৰে যে, থলুৱা লোকসকল স্বাৱলম্বী হ'লেহে আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ ভাৰত সম্ভৱ। সেয়ে অসমীয়া নাপিতসকলক এটাকৈ চুলি কটা মেচিন আৰু ৰাজমিস্ত্ৰী সকলক কাম কৰা সঁজুলি প্ৰদান কৰি উৎসাহ প্ৰদান কৰে শইকীয়াদেৱে ৷
থলুৱা নাপিত, কাঠমিস্ত্ৰীক সঁজুলি প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ - থলুৱা নাপিত, কাঠমিস্ত্ৰীক সঁজুলি প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ
অসমীয়া নাপিত সকলক এটাকৈ চুলি কটা মেচিন আৰু ৰাজমিস্ত্ৰী সকলক কাম কৰা সঁজুলি প্ৰদান কৰি উৎসাহ প্ৰদান কৰে বিধায়ক মৃণাল শইকীয়াই ৷

বিধায়ক মৃণাল শইকীয়াৰ থলুৱা নাপিত আৰু কাঠমিস্ত্ৰীক সঁজুলি প্ৰদান
বিধায়ক মৃণাল শইকীয়াৰ থলুৱা নাপিত আৰু কাঠমিস্ত্ৰীক সঁজুলি প্ৰদান
উল্লেখ্য যে, যি সময়ত এনেবোৰ কামত বহি:ৰাজ্যৰ লাখ লাখ লোকে অসমত উপাৰ্জন কৰি পৰিয়াল পোহ পাল দি আহিছে তেনে সময়ত অসমৰ থলুৱা যুৱকে নাপিত, ৰাজমিস্ত্ৰী আদি কৰ্মৰে আত্ম নিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰা বিষয়টো প্ৰশংসনীয়। লক ডাউনৰ সময়ছোৱাত বহি:ৰাজ্যৰ পৰা ঘূৰি অহা অসমীয়া যুৱকক কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক মৃণাল শইকীয়াই।
লগতে পঢ়কঃশিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ