অসম

assam

ETV Bharat / state

নতুনত্বৰ সন্ধানত আলোকিত গোলাঘাটৰ ৰাজপথ

ছবিৰে বিৰোধিতা কৰিছে শিশু শ্ৰমিকৰ, বিৰোধিতা কৰিছে বন ধ্বংসৰ, হাতী মানুহৰ সংঘাতৰ উদ্ৰেগজনক দিশসমূহো ৰং তুলিকাৰ জৰিয়তে জীৱন্ত ৰূপ পাইছে ছবিসমূহত

নতুনত্বৰ সন্ধানত আলোকিত গোলাঘাটৰ ৰাজপথ

By

Published : Jul 31, 2019, 4:21 PM IST

গোলাঘাট, 31 জুলাইঃ গোলাঘাটৰ পদপথত প্ৰতিযোগিতা ৷ নতুন চিন্তা, নতুন ধ্যান ধাৰণা আৰু নতুনত্বৰ সন্ধানত আলোকিত গোলাঘাটৰ ৰাজপথ । ৰাজপথৰ কাষে-কাষে হাতে হাতে ৰং তুলিকা লৈ এজাক কিশোৰ কিশোৰী। প্ৰত্যেকৰে হাতৰ পৰশত প্ৰাণ পাই উঠিছে একো একোখন জীৱন্ত ছবি । ছবিৰ কথাৰে প্ৰত্যাহ্বান জনাইছে বাস্তৱিক সমাজখনক । ছবিৰে বিৰোধিতা কৰিছে শিশু শ্ৰমিকৰ, বিৰোধিতা কৰিছে বন ধ্বংসৰ, হাতী মানুহৰ সংঘাতৰ উদ্ৰেগজনক দিশ সমূহো ৰং তুলিকাৰ জৰিয়তে জীৱন্ত ৰূপ পাইছে ছবিসমূহত ।

নতুনত্বৰ সন্ধানত আলোকিত গোলাঘাটৰ ৰাজপথ

গোলাঘাটৰ অগ্ৰণী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত ফলঙনি ডাকঘৰ চাৰিআলিত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে৷ মনোজ্ঞ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত গোলাঘাট জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰি সহকাৰী আয়ুক্ত পূজা পূনম গগৈ,মূখ্য অতিথি হিচাপে শিক্ষয়িত্ৰী তথা কবি ছবি বৰুৱা, বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ কবি পলাশ লইঙে অংশগ্ৰহণ কৰে । আনহাতে, সভাত বক্তব্য ৰাখে সাংবাদিক গিৰীন বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক কমল দত্তই ।

ABOUT THE AUTHOR

...view details