বোকাখাত, 23 আগষ্ট : দেওবাৰৰ দিনটোৰ ‘জন আশীৰ্বাদ যাত্ৰা’(Jan Ashirbad Yatra)ৰ অন্তত বোকাখাতত নৈশ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) ৷ প্ৰায় 10-12 বিধ থলুৱা খাদ্য সম্ভাৰ যেনে-গৰৈ মাছৰ পোৰা, কচু পিতিকা, লোকেল মুৰ্গী, গাহৰি মাংসৰে নৈশ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi) উন্নয়নৰ ক্ষেত্ৰত দেশখনক ক্ষীপ্ৰতাৰে আগুৱাই নিছে ৷ মূল্যবোধৰ আধাৰত প্ৰশাসন যন্ত্ৰক শক্তিশালী ৰূপত গঢ় দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদীক আৰ্শীবাদ কৰিছে । এই জন আৰ্শীবাদ যাত্ৰাত জনসাধাৰণক ক’ভিডৰ(Covid) সকলো নীতি-নিয়ম মানি চলি সহযোগিতা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী সোণোৱালে ৷
লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল