অসম

assam

ETV Bharat / state

লোকসভাৰ কচৰৎ আৰম্ভ; বৰষুণৰ মাজতেই গোলাঘাটত ৰাইজক সম্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - ভাৰতীয় জনতা পাৰ্টি

‘‘কংগ্ৰেছৰ 60 বছৰীয়া শাসনকাল আছিল অন্ধকাৰ আৰু অপশাসনেৰে ভৰা, যাৰ ফলত আমাৰ দেশখন তথা উত্তৰ-পূৰ্বাঞ্চল বহু পিছ পৰি ৰৈছিল ৷ বিগত 9 টা বছৰে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ মূলমন্ত্ৰেৰে বিজেপি চৰকাৰে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰিছে ৷’’ সৰ্বানন্দ সোণোৱাল ৷

Lok Sabha election 2024
Sarbananda Sonowal addresses public meeting

By

Published : Jun 16, 2023, 8:54 PM IST

নিউজ ডেস্ক, 17 জুন: ৰাজ্যত বানৰ তাণ্ডৱৰ মাজতে অব্যাহত আছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি অভিযান । সমষ্টিয়ে সমষ্টিয়ে প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷ ক’ৰবাত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল সভা, তেন্তে আন ক’ৰবাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল সভা । শুকুৰবাৰে ধাৰাসাৰ বৰষুণকো নেওচি গোলাঘাট জিলাৰ মৰঙীত ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সহস্ৰাধিক লোকৰ এক বিশাল গণসভাত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ৷

গোলাঘাটৰ ৰাইজৰ কাষত সৰ্বানন্দ সোণোৱাল

দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে কয় যে, আজি সৰ্বস্তৰৰ ৰাইজ তথা কাৰ্যকৰ্তাসকলৰ পাৰভঙা উছাহ আৰু অকুণ্ঠ সঁহাৰিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা পূৰ্ণমাত্ৰাতেই অব্যাহত আছে ।

"আমাৰ কেন্দ্ৰ তথা ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰৰ বিভিন্ন কল্যাণমূলক পদক্ষেপৰ দ্বাৰা সকলো শ্ৰেণীৰ লোকেই যথেষ্ট উপকৃত হৈছে । কংগ্ৰেছৰ দশক দশকজোৰা অপশাসনৰ অৱসান ঘটাই বিজেপি চৰকাৰে অসমৰ ৰাইজক সুশাসনৰ অনুভৱ প্ৰদান কৰিছে । বিজেপিৰ প্ৰতি নিৰৱচ্ছিন্নভাৱে সমৰ্থন, সঁহাৰি, মৰম-আশীৰ্বাদ অটুট ৰখাৰ বাবে শ্ৰদ্ধাৰ জনগণক মোৰ হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।’’ ৰাইজক উদ্দেশ্যি এইদৰে কয় সোণোৱালে ৷

তেওঁ লগতে কয়, ‘‘এখন আত্মনিৰ্ভৰ ভাৰত তথা অসম আৰু শক্তিশালী কলিয়াবৰ লোকসভা সমষ্টি গঢ় দিয়াৰ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে জনসম্পৰ্ক বৃদ্ধিৰ দিশত সবাতোকৈ অগ্ৰাধিকাৰ দি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ কাৰ্যকৰ্তাসকলক আন্তৰিকতাৰে আহ্বান জনালোঁ ।"

"বিগত 9 টা বছৰে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ মূলমন্ত্ৰেৰে বিজেপি চৰকাৰে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰিছে । কংগ্ৰেছ আছিল দৰিদ্ৰ লোকৰ শোষণকাৰী, তাৰ বিপৰীতে আমাৰ বিজেপি চৰকাৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে । জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আয়ুষ্মান ভাৰত, পিএম কিষাণ, মুদ্ৰা যোজনা, উজ্জ্বলা যোজনা আদি শতাধিক কল্যাণকামী আঁচনিৰ সফল ৰূপায়ণে কেৱল ভাৰতৰ ভৱিষ্যত সলনি কৰাই নহয়, বৰং ভাৰতৰ শক্তি, সুযোগ-সম্ভাৱনাক এক নতুন গতি দিছে ৷’’ সোণোৱালে কয় ।

লগতে পঢ়ক:Himanta Biswa Sarma: বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে; মুখ্যমন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, কলিয়াবৰ লোকসভা সমষ্টিত এইবাৰ বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সৰ্বস্ব উজাৰি দিছে । এই সংসদীয় সমষ্টিৰ বৰ্তমানৰ সাংসদগৰাকীয়ে সকলো শ্ৰেণীক লগত লৈ সৰ্বাংগীণ কাম কৰিব পৰা নাই । সৰ্বাত্মক উন্নতি সাধন কৰাত তেওঁ সমূলি ব্যৰ্থ হৈছে । সেয়েহে এই সংসদীয় সমষ্টিটোত দিনকদিনে বিজেপিৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিছে ।

এই জনসভাখনত সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, সুশান্ত বৰগোহাঁই, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, কিষাণ মৰ্চাৰ সভাপতি শ্ৰী দেৱজিৎ বৰা আদি জ্যেষ্ঠ নেতাসকল আৰু দলীয় বিষয়ববীয়াসকল ।

ABOUT THE AUTHOR

...view details