অসম

assam

By

Published : Aug 14, 2019, 10:38 PM IST

ETV Bharat / state

ৰাজ্যজুৰি পালন অখণ্ড ভাৰত দিৱস

হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অখণ্ড ভাৰত দিৱস উদযাপন

হিন্দু যুৱ ছাত্ৰ পৰিষদ

গোলাঘাট, হাইলাকান্দি , কৰিমগঞ্জ , 14 আগষ্টঃ বুধবাৰে গোলাঘাট জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ বীৰচক্ৰ স্মাৰক ভৱনত এদিনীয়া কাৰ্যৰ্সূচীৰে অখণ্ড ভাৰত দিৱস উদযাপন কৰে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁই আৰু সাংগঠনিক সম্পাদক পল্লৱ শইকীয়া ৷ দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া কেপ্টেইন জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁয়ে ।

অখণ্ড ভাৰত দিৱস উদযাপন

হাইলাকান্দিত জিলাতো অখণ্ড ভাৰত সংকল্প দিৱস উপলক্ষে বুধবাৰে বৃহৎ সমদলৰ আয়োজন কৰে বজৰং দলে ।
একেদৰে দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত বজৰং দলৰ উদ্যোগত অখণ্ড ভাৰত দিৱস উপলক্ষে সন্ধিয়া উলিয়াই বজৰং দলে ৷

ABOUT THE AUTHOR

...view details