অসম

assam

By

Published : Aug 20, 2020, 7:42 PM IST

ETV Bharat / state

উন্নয়নৰ মুখ নেদেখা গোলাঘাট জিলাৰ এখন গাঁৱৰ দুৰৱস্থা

চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও ৷ চৰকাৰ পৰিৱৰ্তন হ’লেও পৰিৱৰ্তন হোৱা নাই গাঁওখনৰ দুৰৱস্থা ৷

Underdevelopment Village of Golaghat
Underdevelopment Village of Golaghat

গোলাঘাট, 20 আগষ্ট: বিদ্যুৎ, যাতায়ত ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা নথকা এখন গাঁও । একবিংশ শতিকাৰ উন্নয়নৰ মুখ নেদেখা শ-শ জনবসতিপূৰ্ণ গাঁওখন হৈছে সৰুপথাৰ সমষ্টিৰ মৰঙি মৌজাৰ অন্তৰ্গত ফলঙনি অঞ্চলৰ গীৰ্জাজ্যোতি গাঁও ।

অসম চৰকাৰৰ কোনো এখন উন্নয়নৰ আঁচনিয়ে আজিলৈ ঢুকি পোৱা নাই গাঁওখনত । স্বাধীনতাৰ 74 বছৰৰ পিছতো বহি জগতৰ পৰা বহু নিলগত এই গাঁৱখন । দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰে বহু গৃহহীন লোকৰ পকীঘৰৰ ব্যৱস্থা কৰা হৈছে যদিও ইয়াৰ বিপৰীতে গাঁৱত আছে ভগা চিগা জুপুৰি । আনকি গাঁওখনত নাই যাতায়তৰ বাবে সুচল বাট পথ, নাই এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা লগতে নাই বিদ্যুৎ ব্যৱস্থাও ৷

উন্নয়নৰ মুখ নেদেখা গোলাঘাট জিলাৰ এখন গাঁৱৰ দুৰৱস্থা

ৰজাঘৰীয়াক বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত সুফল লাভ কৰা নাই গাঁওবাসীয়ে ৷ আদিম যুগৰ দৰে বসবাস কৰা এই সকল গাঁৱবাসীয়ে খোৱাপানীৰ নামত ব্যৱহাৰ কৰি আহিছে নৈ, পুখুৰী, দমকলৰ পানী । পৰিতাপৰ কথা এই যে, পথৰ দুৰৱস্থাৰ বাবে ৰোগীক নিবলৈও গাঁওখনত প্ৰৱেশ নকৰে এম্বুলেঞ্চ । ফলত চাইকেল বা ঠেলাত চিকিৎসালয়লৈ নিব লগা হয় ৰোগী সকলক । আনকি বাৰিষা বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰী সকলে । মুঠৰ ওপৰত এই গাঁৱখন আজিলৈকে চৰকাৰৰ দ্বাৰা চৰম ভাবে অৱহেলিত হৈ আহিছে ৷ এতিয়া প্ৰশ্ন, পৰিৱৰ্তনৰ ঢাক ঢোল বজাই শাসনলৈ অহা চৰকাৰখনৰ দৃষ্টি গোচৰ হ'বনে এইখন গাঁও ৷

লগতে চাওক-উন্নয়নৰ পৰা বঞ্চিত চিৰাঙৰ এখন গাঁও

ABOUT THE AUTHOR

...view details