কাজিৰঙা, 3 ডিচেম্বৰ : কাজিৰঙাৰ গঁড় সুৰক্ষা বিষয়টো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ উদ্দেশ্যেৰে আনভাইনচ নামৰ বেচৰকাৰী সংগঠনে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসনৰ উদ্যোগত আনভাইনচ নামৰ বেচৰকাৰী সংগঠনে দেওবাৰে আয়োজন কৰে ‘ৰান ফ’ৰ দ্যা ৰাইন’ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত দেশৰ 19 খন ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰ জাপান আৰু বাংলাদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ সৰ্বমুঠ 950 গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন দেওবাৰে পুৱা কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ পৰা আৰম্ভ হয় ৷
দেওবাৰে পুৱা 5.30 বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ 52 কিঃমি শাখাৰ প্ৰতিযোগিতাৰ মুকলি কৰে আনভাইনচৰ মুখ্য কাৰ্যবাহী বিষয়া নিশিকান্ত দাসে ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, 52 কিঃমি দৌৰ প্ৰতিযোগিতা অসমৰ প্ৰথম তথা একমাত্ৰ আল্ট্ৰা ৰাণ ৷ গঁড়ৰ সুৰক্ষাৰ লগতে শৰীৰ চৰ্চা আৰু সু-স্বাস্থ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে এই প্ৰতিযোগিতাৰ জৰিয়তে ৷