অসম

assam

ETV Bharat / state

এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা - ULFA-I flag found hoisted in golaghat assam

হোজাই,গোলাঘাটৰ পাচত তিনিচুকীয়াৰ পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গেটত উৰিল নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আলফা স্বাধীনৰ পতাকা ৷

এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা
এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

By

Published : Nov 28, 2019, 1:14 PM IST

Updated : Nov 28, 2019, 4:35 PM IST

তিনিচুকীয়া, 28 নৱেম্বৰ:হোজাই, গোলাঘাটৰ পাচত বৃহস্পতিবাৰে তিনিচুকীয়াৰ পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গেটত উৰিল নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আলফা স্বাধীনৰ পতাকা ৷ ভাৰত চৰকাৰে 1990 চনৰ 27 নৱেম্বৰৰ মাজনিশা 12 বজাত লক্ষীপথাৰ শিবিৰত চলাইছিল অপ্যাৰেশ্যন বজৰং ৷ ইয়াৰ পিছতেই আলফাক নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে ৷ তেতিয়াৰ পৰাই 28 নৱেম্বৰ দিনটোত আলফাই পালন কৰি আহিছেপ্ৰতিবাদ দিৱস হিচাপে ৷ বৃহস্পতিবাৰে পানীতোলাত আলফাৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখিয়েই এনে কাৰ্য কৰা বুলি সন্দেহ স্থানীয় ৰাইজৰ ৷

গোলাঘাটত উৰিল আলফা স্বাধীনৰ পতাকা

ইপিনে আজি গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান তিনিআলিত উৰুৱাই থৈ যায় আলাফা স্বাধীনৰ দুখনকৈ পতাকা । পতাকাৰ তলত এখন প’ষ্টাৰত লিখা থাকে‘‘সাৱধান, পতাকাৰ কাষলৈ নাযাব । বোমা আছে, জয় আই অসম’’৷ গোলাঘাট আৰক্ষীয়ে ৰঙাজান তিনিআলিৰ পৰা উদ্ধাৰ কৰে দুখন পতাকা আৰু এখন প’ষ্টাৰ ৷

আনহাতে হোজাই জিলাতো সক্ৰিয় ৰূপত দেখা পোৱা যায় আলফা স্বাধীনৰ গতিবিধি। হোজাইৰ কাকীৰ এখন মহাবিদ্যলয়ত উৰুৱাই আলফা স্বাধীনৰ পতাকা। ১ নং কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেটত উত্তোলন কৰা হয় নিষিদ্ধ ঘোষিত সংগঠনটোৰ পতাকা । কাকী আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত সংঘটিত হয় এই ঘটনা ।

লগতে চাওক-হোজাই জিলাৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা

Last Updated : Nov 28, 2019, 4:35 PM IST

For All Latest Updates

TAGGED:

ULFA-I flag

ABOUT THE AUTHOR

...view details