অসম

assam

ETV Bharat / state

অৱশেষত নলবাৰীত উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ

পাঁচ মাহ 16 দিনৰ পাচত উদ্ধাৰ হয় উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷ 2 মে'ত উগ্ৰতাৰা মন্দিৰত নতুনকৈ নিৰ্মাণ কৰা এদিন পূৰ্বেই গোলাঘাট আৰক্ষীয়ে 975 বছৰ ঐতিহাসিক বিগ্ৰহটো নলবাৰীৰ পৰা উদ্ধাৰ কৰে ৷

অৱশেষত উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ

By

Published : May 1, 2019, 1:37 PM IST

গোলাঘাট , 01 মে' : অৱশেষত উদ্ধাৰ হ'ল উগ্ৰতাৰা দেৱালয়ৰ পৰা চুৰি হোৱা অষ্টধাতুৰে নিৰ্মিত ঐতিহাসিক বিগ্ৰহ ৷ গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰে ৷ লগতে এই সন্দৰ্ভত চাৰি চোৰক আটক কৰে ৷

অৱশেষত উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ

আটকাধীল চোৰ কেইটা ক্ৰমে নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন , টিহুৰ আদিল আলী , মোকালমোৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায় ৷ ইপিনে উগ্ৰতাৰা মন্দিৰৰ দলৈ পৰমেশ্বৰ শৰ্মা, বৰদেউৰি অক্ষয় ভট্টাচাৰ্য্য, পূজাৰী নৃগেন ভট্টাচাৰ্য্য, মেনেজিং কমিটিৰ সদস্য নলিনী শৰ্মাই গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰে ৷ উল্লেখ্য যে যোৱা 16 নৱেম্বৰত উগ্ৰতৰা মন্দিৰৰ পৰা চুৰি হৈছিল বিগ্ৰহটো ৷ আৰু পাঁচ মাহ 16 দিনৰ পাচত উদ্ধাৰ হয় উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহটো ৷ উল্লেখ্য যে এপিএচচি ৰ পাছত সুৰজিৎ সিং পানেশ্বৰৰ এইয়া আন এক বৃহৎ সফলতা ৷ 2 মে'ত উগ্ৰতাৰা মন্দিৰত নতুনকৈ নিৰ্মাণ কৰা বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ কথা আছিল ৷ কিন্তু এদিন পূৰ্বেই গোলাঘাট আৰক্ষীয়ে 975 বছৰ ঐতিহাসিক বিগ্ৰহটো নলবাৰীৰ পৰা উদ্ধাৰ কৰাৰ লগতে চোৰকেইটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চোৰকেইটায়ে বিগ্ৰহটোৰ শিৱৰ জটাত থকা সাঁপৰ মূৰ, বিগ্ৰহৰ ওপৰত থকা সৰ্পৰ মূৰ, বিগ্ৰহৰ হাতত থকা দা, ডিঙিত থকা মুণ্ড মালা কাটি নিয়ে । নতুন কৈ বিগ্ৰহ প্ৰতিষ্ঠা কৰা এদিন পূৰ্বেই ঐতিহাসিক বিগ্ৰহটো উদ্ধাৰ হোৱাৰ পিচতে উল্লাসিত হৈ পৰিছে ৰাজ্যবাসী ৷

ABOUT THE AUTHOR

...view details