অসম

assam

By

Published : Feb 16, 2023, 6:55 PM IST

ETV Bharat / state

Thief terror in Golaghat: গোলাঘাটত চোৰৰ উপদ্ৰৱ, ৰাইজৰ ৰোষত দুই গভাইত চোৰ

গোলাঘাট নগৰৰ দুখনকৈ বিপণীত নিশা চোৰে চলালে অভিযান (Theft in Golaghat)। বিপণিৰ পৰা কেইবাহাজাৰ টকা আৰু বহু সামগ্ৰী চুৰি কৰি লৈ গ'ল দুই চোৰে । একে সময়তে পাভ মাছ চুৰি কৰি ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ । আৰক্ষীক গতাই দিলে চোৰ দুটাক ।

Thief terror
ৰাইজৰ ৰোষত দুই গভাইত চোৰ

গোলাঘাটত চোৰৰ উপদ্ৰৱ

গোলাঘাট,১৬ ফেব্ৰুৱাৰী :গোলাঘাটত দিনক দিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Thief terror in Golaghat)। বুধবাৰে নিশা গোলাঘাট নগৰৰ মাজমজিয়াৰ দুখনকৈ বিপণিত চোৰে চলালে লুট-পাত । মিঠাইৰ দোকান আৰু ফাৰ্মাচীত এইবাৰ চোৰে চলালে লুট-পাত (Thieves loot sweet shops and pharmacies)। নিৰাপত্তাহীনতাত ভুগিছে গোলাঘাটবাসীয়ে ।

উল্লেখ্য যে, নিশা হ'লেই চোৰৰ ৰম্যভূমিত পৰিণত হয় গোলাঘাট নগৰ । প্ৰায় প্ৰতিদিনে নগৰখনত চুৰিকাৰ্য সংঘটিত হয় । এইবাৰ গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত চোৰে চাফাই চলালে অভিযান । নগৰৰ মাজমজিয়াত অৱস্থিত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ কমাৰ্চিয়েল কমপ্লেক্সৰ পূজা চুইটছ আৰু ৰেডে প্ৰেছকিপচন নামৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে লুট-পাত চলায় (Theft in Golaghat)।

চোৰে ফাৰ্মাচীৰ পৰা নগদ ১০ হাজাৰ টকাৰ লগতে বিভিন্ন সামগ্ৰী লুট কৰি লৈ যায় । আনহাতে, পূজা চুইটছ নামৰ মিঠাইৰ দোকানৰ পৰাও প্ৰায় ১৫ হাজাৰ টকা লৈ যোৱা বুলি জানিব পৰা গৈছে । লগতে চকলেট, মিঠাই আদি বিভিন্ন সামগ্ৰীও লুট কৰি লৈ যায় চোৰে । ইফালে নিতৌ চোৰৰ অতপালি দেখি চিন্তিত হৈছে গোলাঘাটবাসী । ভুক্তভোগী লোকসকলে অভিযোগ কৰা মতে ৰাইজক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে গোলাঘাট আৰক্ষী । নিশা আৰক্ষীয়ে তহল দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

চোৰৰ এনে অতপালিৰ মাজতে এইবাৰ ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ । পাভ মাছ চুৰি কৰি হাতে-লোটে ধৰা পৰিল দুটাকৈ চোৰ । জেলৰ পৰা ওলায়েই পুনৰ চুৰি কাৰ্যত জড়িত হৈ পৰিছিল চোৰ কেইটা । ইফালে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে চোৰ কেইটাক (Thief arrested in Golaghat)।

জানিব পৰা মতে গোলাঘাটৰ উইংগাৰ ষ্টেণ্ডৰ এখন বাহনৰ পৰা বৃহস্পতিবাৰে পুৱা পাভ মাছ চুৰি কৰি এঠাইত বিক্ৰী কৰিছিল ৷ ইফালে পাভ মাছ চুৰি হোৱাৰ পাচতে ভুক্তভোগী গৰাকীয়ে ৰাইজৰ সহায়ত বিচাৰি উলিয়ালে চোৰ কেইটাক । মাছ বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰিলে চোৰ দুটাক । পৰৱৰ্তী সময়ত দুয়োটা চোৰকে ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক :Cattle smuggling in Dhubri: বিলাসীপাৰাত ৰাইজে জব্দ কৰিলে চোৰাং গৰু

ABOUT THE AUTHOR

...view details