গোলাঘাটৰ মইনাপাৰাত সন্দেহজনক দুই গাড়ী চোৰ আটক - Two Suspected Car Lifter Arrested in Golaghat
গোলাঘাট জিলাৰ মইনাপাৰাত সোমবাৰে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী লোকক ৷ গুদু দাস আৰু আকাশ দাস নামৰ লোকদুজনৰ পৰা এখন আই টেন আৰু এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷
গোলাঘাট, 11 ফেব্ৰুৱাৰীঃ গোলাঘাটৰ মইনাপাৰাত আৰক্ষীয়ে অভিযান চলাই দুখনকৈ বাহনসহ গ্ৰেপ্তাৰ কৰে দুজন লোকক ৷ স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী লোকক ৷ মইনাপাৰাৰ জমিৰ আলীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দুই যুৱক ৷ আৰক্ষীৰ আগত দুয়ো নিজকে গুদু দাস আৰু আকাশ দাস বুলি চিনাকী দিয়ে ৷ আৰক্ষীয়ে দুয়োৰে পৰা AS 01 AM 3081 নম্বৰত পঞ্জীয়নভুক্ত এখন i10 গাড়ী আৰু AS 03 Q 8927 নম্বৰত পঞ্জীয়নভুক্ত এখন পালচাৰ বাইক জব্দ কৰে ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী লোক সন্দেহজনক কাৰ্যকলাপত লিপ্ত আৰু তেওঁলোকৰ ওচৰত থকা দুয়োখন গাড়ীয়ে সন্দেহজনক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷