বোকাখাত, ২৯ জুলাই :গ্ৰীষ্মৰ বন্ধত আপোনাৰ সন্তানে কি কৰিলে ? কেনেদৰে বন্ধৰ দিনকেইটা কটালে ? কোনোৱে হয়টো আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছে, কোনোৱে সমনীয়াৰ সৈতে খেলি সময় কটাইছে । আন কোনোৱে আকৌ বিভিন্ন বিষয়ত প্ৰশিক্ষণ লৈছে ।
মুঠতে বন্ধৰ দিনকেইটা নিয়মীয়া পাঠ্যক্ৰমৰ পৰা বিৰতি লৈ বিভিন্ন ধৰণে সময় অতিবাহিত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে । কিন্তু বোকাখাতৰ দুগৰাকী ছাত্ৰৰ কৰ্মৰাজিয়ে সকলোকে আনন্দিত কৰি তুলিছে । অযথা সময় অতিবাহিত নকৰি ছাত্ৰ দুগৰাকী এনে এটা কামত জড়িত হৈ পৰিলে যি কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল ।
ছাত্ৰ দুগৰাকীক লৈ এতিয়া চৰ্চা বোকাখাতত (Two students from Bokakhat are currently in the limeroom)। ছাত্ৰ দুগৰাকী হৈছে অংশুমান ফাংচু আৰু বিপ্লৱ পেগু । অংশুমান আৰু বিপ্লৱে গ্ৰীষ্ম বন্ধৰ দিনকেইটাত বোকাখাতৰ ৰাজপথৰ দেৱালবোৰত বিভিন্ন আকৰ্ষণীয় ছবি অংকন কৰিলে । চিত্ৰকলাৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দুয়োগৰাকী ছাত্ৰই নিজৰ পৰিকল্পনাৰে বোকাখাত হিন্দী হাইস্কুলৰ পকী দেৱালবোৰ বিভিন্ন ছবিৰে আকৰ্ষণীয় কৰি তুলিলে ।