বোকাখাত, ৫অক্টোবৰ:নৱমীৰ উল্লাসৰ মাজতে বোকাখাতত মঙলবাৰে নিশা দুটা পৃথক (Road accident at Bokakhat) দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুজনকৈ লোক । উক্ত দুৰ্ঘটনাত আহত লোক দুজনৰ ঘৰ মাজুলীত । আহত লোক দুজন হৈছে (One people beaten by unknown person at Bokakhat) ৰহিম আলী আৰু খগেশ্বৰ বনিয়া ।
উল্লেখ্য় যে খগেশ্বৰ বনিয়া নামৰ লোকজনে মঙলবাৰে তেজপুৰৰ পৰা মাজুলীলৈ গৈ থকাৰ অৱস্থাত বোকাখাতত গাড়ীৰ পৰাই অন্তৰ্ধান হৈছিল । কিছু পৰিমাণে মানসিক অসুস্থতাত ভুগি থকা লোকজন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত বনিয়াৰ ভাতৃয়ে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছিল । বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সমীপত কোনো অচিনাক্ত গাড়ীয়ে খুন্দিয়াই থৈ যায় লোকজনক । আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পাছত আহত বনিয়াক উদ্ধাৰ কৰি বোকাখাত চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে ।