অসম

assam

By

Published : Jul 12, 2019, 2:24 PM IST

ETV Bharat / state

গোলাঘাটত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

গোলাঘাট জিলাৰ কমাৰগাঁৱত গেলাবিল নৈৰ বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজন লোকৰ । মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈছিল দুজন ।

বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

গোলাঘাট, ১২ জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ । গোলাঘাট জিলাৰ কমাৰগাঁৱৰ হাঁহচৰা অঞ্চলত গেলাবিল নৈৰ বাঢ়নী পানীত পৰি দুজন লোকে কৰুণ মৃত্যুক সাৱটি লৈছে । শুকুৰবাৰে দিনৰ প্ৰায় ন বজাত হাঁহচৰা অঞ্চলৰ সাগৰ ভূঞা আৰু পিকু হাজৰিকা নামৰ দুজন লোকে এখন টুলুঙা নাও লৈ মাছ ধৰিবলৈ আৰু গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ বানৰ সোঁতত উটি যায় ।

বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দলক খবৰ দিয়া হয় যদিও কোনো উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত নহ'ল । পাছত স্থানীয় লোকে বহু সময় চেষ্টা কৰাৰ পাছত মৃত অৱস্থাত উদ্ধাৰ কৰে লোক দুজনক । ইফালে, প্ৰায় ৩ ঘণ্টা পলমকৈ ঘটনাস্থলীত SDRF আৰু NDRF বাহিনী উপস্থিত হোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ।

ABOUT THE AUTHOR

...view details