অসম

assam

ETV Bharat / state

পুহমহীয়া জাৰত নিশা যাপন কৰিছে গৃহহীনভাৱে দুই অসহায় মহিলাই - Inhuman Act

Inhuman Act in Sarupathar : পুহমহীয়া জাৰত নিশা যাপন কৰিছে সৰুপথাৰৰ দুই অসহায় মহিলাই ৷ স্থানীয় বিধায়ক তথা আৰক্ষী সঞ্চালক প্ৰধানক ন্যায় প্ৰদানৰ দাবী ৷

Inhuman Act in Sarupathar
পুহমহীয়া জাৰত নিশা যাপন কৰিছে দুই অসহায় মহিলাই

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:17 PM IST

ন্যায়ৰ দাবী সৰুপথাৰৰ দুই অসহায় মহিলাৰ

সৰুপথাৰ, 29 ডিচেম্বৰ : গৃহহীনভাৱে পুহমহীয়া জাৰত নিশা যাপন কৰিছে সৰুপথাৰৰ দুই অসহায় মহিলাই ৷ সম্বন্ধীয়ৰ চক্ৰান্তৰ বলি হোৱা মহিলা দুগৰাকীয়ে এতিয়া আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে ৷

সৰুপথাৰত বে-আইনীভাৱে দুৰ্বৃত্তই বুলড’জাৰ লগাই ভাঙি লণ্ডভণ্ড কৰে মহিলা দুগৰাকীৰ বাসগৃহ ৷ দুগৰাকী বিধৱা মহিলাই বসবাস কৰা এটি ঘৰ দুৰ্বৃত্তই বুলড’জাৰ লগাই ভাঙি লণ্ডভণ্ড কৰাৰ ঘটনাই সৰুপথাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সৰুপথাৰ নগৰৰ 10 নং ৱাৰ্ডৰ 2 নং চতিয়নীত সংঘটিত হয় এই ঘটনা ৷ আৰতি দে’ (62) আৰু লক্ষীমণি দে’ (58) নামৰ দুগৰাকী বিধৱা মহিলাই বসবাস কৰিছিল ঘৰটোত ৷

মহিলা দুগৰাকী চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল ৷ মহিলা দুগৰাকী ঘৰত নথকাৰ সুযোগ গ্ৰহণ দুবৃত্তই এই অমানৱীয় ঘটনা সংঘটিত কৰে ৷ ঘৰ ভঙাৰ খবৰ পাই ডিব্ৰুগড়ৰ পৰা সৰুপথাৰত ততাতৈয়াকৈ উপস্থিত হয় মহিলা দুগৰাকী ৷ সম্বন্ধীয়ই মাটি বেদখল কৰাৰ চক্ৰান্ত কৰি ঘৰ ভাঙি বয়-বস্তু লুটপাট কৰে বুলি অভিযোগ উত্থাপন কৰিছে মহিলা দুগৰাকীয়ে ৷ ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে মহিলা দুগৰাকীয়ে গোচৰ তৰিছে আৰক্ষী থানাত ৷ অমৃত বৰঠাকুৰ নামৰ এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি গোচৰ তৰিছে মহিলা দুগৰাকীয়ে ৷

ইফালে জানিব পৰা মতে 72 ঘণ্টা ওকলি যোৱাৰ পিছতো ধনশিৰি মহকুমা প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ ঘটনাক লৈ আৰক্ষী তথা প্ৰশাসনক তৎপৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল বুলড’জাৰৰ চালক আৰু স্বত্ত্বাধিকাৰীক সোধা-পোছা কৰিয়ে আৰক্ষীয়ে দায়িত্ব সামৰিব খোজাৰো উঠিছে অভিযোগ ৷ এই অমানৱীয় ঘটনাক লৈ দল-সংগঠনৰ লগতে সৰুপথাৰৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷ দুৰ্ভগীয়া পৰিয়ালটিয়ে এখন তিৰপাল পাৰি পুহমহীয়া জাৰতে এতিয়া নিশা কটাবলগীয়া হৈছে ৷ স্থানীয় বিধায়ক তথা আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী দুই মহিলাই ৷

লগতে পঢ়ক :বিলাসীপাৰাৰ খুদিগাওঁ দ্বিতীয় খণ্ড গাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details