অসম

assam

By

Published : Dec 12, 2021, 5:35 PM IST

ETV Bharat / state

Elephant died in Bokakhat: বোকাখাতত হাতীৰ কৰুণ মৃত্যু

বোকাখাতত দুটাকৈ হাতীৰ মৃত্যুত শোকস্তব্ধ ৰাইজ (Elephant died in Bokakhat) ৷ সাম্প্ৰতিক সময়ত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা দেখা গৈছে ৷ কিন্তু বোকাখাতত হাতীৰ আকস্মিক মৃত্যুত শোকাকুল ৰাইজে জীৱকুলৰ প্ৰতি মানৱীয়তা শেষ নোহোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷

Elephant died in Bokakhat
বোকাখাতত দুটাকৈ হাতীৰ মৃত্যুত শোকস্তব্ধ ৰাইজ

বোকাখাত, 12 ডিচেম্বৰ : দেওবাৰে বোকাখাত-কাৰ্বিআংলং সীমান্তৰ সোনফাংচ’ চাহ বাগিচাত দুটাকৈ মৃত হাতী উদ্ধাৰ হয় (Two dead body of elephant found in Bokakhat) ৷ প্ৰাপ্তবয়স্ক হাতী এজনীৰ লগতে এটা পোৱালি হাতীৰ কৰুণ মৃত্যু ঘটে ৷

সীমান্তৰ সোনফাংচ’ চাহ বাগিচাৰ খাৱৈত উদ্ধাৰ হয় হাতী দুটাৰ মৃতদেহ ৷ ঘটনাস্থলীত বন-বিভাগৰ লোক উপস্থিত হৈ হাতী দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

বোকাখাতত হাতীৰ কৰুণ মৃত্যু

মৰোণোত্তৰ পৰীক্ষাত বিষক্ৰিয়া হৈ হাতী দুটাৰ মৃত্যু হোৱাৰ কথা স্পষ্ট হয় ৷ প্ৰথমাৱস্থাত সোনফাংচ’ চাহ বাগিচাৰ সীমাত থকা বিদ্যুৎ চালিত তাঁৰত লাগি হাতী দুটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল স্থানীয় ৰাইজ আৰু বন-বিভাগৰ কৰ্মীয়ে ৷

ডলামৰা বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত এই কৰুণ ঘটনাই চুবুৰীয়া ৰাইজক শোকস্তদ্ধ কৰি তুলিছে ৷ মৃত হাতী দুটাৰ কাষত ৰাইজে ধূপ জ্বলাই শেষ বিদায় জনায় ৷

লগতে পঢ়ক:এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল কুখ্যাত ডকাইত জাহিৰ আলি

ABOUT THE AUTHOR

...view details