গোলাঘাট, ২ জুন: সংকটৰ মাজতো মুখত হাঁহি বিৰিঙিল দুগৰাকী মাতৃৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতো প্ৰসৱ কৰিলে দুটি সুস্থ শিশু । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মহিলা দুগৰাকীৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় ।
চাৰিগৰাকী চিকিৎসক আৰু ৩ গৰাকী নাৰ্ছৰ এটা দলে অস্ত্ৰোপচাৰ সম্পন্ন কৰায় । সৌভাগ্যক্ৰমে সদ্যোজাত শিশু দুটিৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰা নাই । বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে শিশু দুটি । উল্লেখ্য যে, গোলাঘাট জিলাৰ বৰকাঠনি চাহ বাগিছাৰ সুভদ্ৰা তাঁতীক যোৱা ২৯ মে'ত আৰু ৰূপা তাঁতীক মঙলবাৰে দিনৰ ১১ বজাত গোলাঘাট কভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
গোলাঘাটত ক'ভিডত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন দুয়োগৰাকী ক'ভিডত আক্ৰান্ত হৈছিল । সন্তান আৰু মাতৃৰ স্বাস্থ্যৰ কথা চিন্তা কৰি সুকীয়াকৈ নিৰ্মাণ কৰা ক'ভিড অস্ত্ৰোপচাৰ কক্ষত দুয়োগৰাকীৰে সফল অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন কৰি সন্তান প্ৰসৱ কৰোৱা হয় ।
পি পি ই কিট পিন্ধি প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ এছ হক, ডাঃ জি দলে, ডাঃ এ বৰা, ডাঃ এন শ্যাম আৰু নাৰ্চ সুস্মিতা চুতীয়া, সংযুক্তা শইকীয়া আৰু এলবিচিয়া চাংগাৰ সমূহীয়া প্ৰচেষ্টাত সফলতাৰে সম্পন্ন হয় দুই প্ৰসূতি মাতৃৰ অস্ত্ৰোপচাৰ । এই জটিল ক্ষণত জন্ম লাভ কৰা সুভদ্ৰা তাঁতীৰ কন্যা সন্তানটিৰ ওজন ৩.১ কেজি আৰু ৰূপা তাঁতীৰ পুত্ৰ সন্তানটিৰ ওজন ৩.২ কেজি ।
লগতে পঢ়ক:দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন