গোলাঘাট, 30 ছেপ্তেম্বৰঃখুমটাইত পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ’ল দুখনকৈ ‘মাইনা অট’মেটিক তাঁতশাল’ ৷ সমষ্টিষ্টোৰ পূৱ মিছামৰা গাঁও পঞ্চায়তৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ পূঁজিৰে ক্ৰয় কৰা হৈছে তাঁতশাল দুখন ৷
খুমটাইত দুখনকৈ স্ব-চালিত তাঁতশাল স্থাপন
খুমটাইত পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে দুখনকৈ ‘মাইনা অট’মেটিক তাঁতশাল’ ৷ ইয়াৰ বাবে শুৱালকুছিৰ প্ৰশিক্ষকৰ দ্বাৰা গ্ৰামাঞ্চলৰ শিপিনী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷
খুমটাইত দুখনকৈ স্ব-চালিত তাঁতশাল স্থাপন
শুৱালকুছিৰ প্ৰশিক্ষকৰ দ্বাৰা গ্ৰামাঞ্চলৰ শিপিনী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ সাম্প্ৰতিক সময়ত ক্ৰমান্বয়ে বৃদ্ধি পোৱা বহিৰাগত গামোচাৰ জনপ্ৰিয়তাৰ সময়ত এই পদক্ষেপৰ জৰিয়তে থলুৱা গামোচাৰ অভাৱ দূৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক-বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা