অসম

assam

By

Published : Aug 12, 2021, 9:32 PM IST

ETV Bharat / state

শিল্পী পেঞ্চনৰ নামত চৰকাৰৰ প্ৰৱঞ্চনা বোকাখাতৰ দুই শিল্পীক

হিতাধিকাৰীৰ তালিকাত নাম থকাৰ পাছতো গোলাঘাট জিলাৰ কেইবাগৰাকীও শিল্পীয়ে আজিলৈ পেঞ্চন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰে ঘোষণা কৰাৰ পাছতো শিল্পী ভলৌ হাজৰিকা আৰু ধনেশ্বৰ শইকীয়াই নাপালে পেঞ্চন ।

Artist pension
শিল্পী পেঞ্চনৰ নামত চৰকাৰৰ প্ৰৱঞ্চনা বোকাখাতৰ দুই শিল্পীক

বোকাখাত,১২ আগষ্ট :অসমৰ শিল্পীসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিগত বছৰৰ স্বাধীনতা দিৱসৰ (Independence day) দিনটোতে চৰকাৰে শিল্পী পেঞ্চনৰ (Artist pension) কথা ঘোষণা কৰিছিল । অসমৰ বহু কেইগৰাকী হিতাধিকাৰী শিল্পীৰ তালিকাও প্ৰকাশ কৰিছিল চৰকাৰে । স্বাধীনতা দিৱসলৈ এতিয়া মাজত মাত্ৰ দুটা দিন বাকী ।

চৰকাৰৰ ঘোষণাৰ এবছৰ হ'ল । কিন্তু চৰকাৰৰ ঘোষণা কেৱল ঘোষণা হৈয়ে ৰ'ল । বহু শিল্পীয়ে আজিলৈ নাপালে পেঞ্চনৰ ধন । হিতাধিকাৰীৰ তালিকাত নাম থকাৰ পাছতো গোলাঘাট জিলাৰ কেইবাগৰাকীও শিল্পীয়ে আজিলৈ পেঞ্চন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ইয়াৰ পাছতে চৰকাৰক সমালোচনা কৰিছে সেই বঞ্চিত শিল্পীসকলে । আনকি ক্ষোভত শিল্পীসকলে তেওঁলোকৰ নাম তালিকাৰ পৰা প্ৰত্যাহাৰ কৰাৰো আবেদন কৰিছে ।

শিল্পী পেঞ্চনৰ নামত চৰকাৰৰ প্ৰৱঞ্চনা বোকাখাতৰ দুই শিল্পীক

বোকাখাতৰ ৮৬ বছৰীয়া বৰ বায়ন ভলৌ হাজৰিকা সেইসকল বঞ্চিত শিল্পীৰ ভিতৰত অন্যতম । ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ যোগনীয়া গাঁৱৰ বৰ বায়ন ভলৌ হাজৰিকাই ৫০ৰো অধিক গায়ন-বায়নৰ দলক প্ৰশিক্ষণ দিছে । বৰ্তমান জটিল ৰোগত আক্ৰান্ত শিল্পীগৰাকী । যোৱা বছৰে শিল্পী ভলৌ হাজৰিকাক অসম চৰকাৰে বাছনি কৰিছিল শিল্পী পেঞ্চনৰ বাবে ।

আন এগৰাকী হৈছে শিল্পী ধনেশ্বৰ শইকীয়া । অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো বাদ্যযন্ত্ৰই বজাব জানে শইকীয়াই । লগতে অসমৰ জাতীয় জীৱনক উজ্জীৱিত কৰা প্ৰতিটো বাদ্যযন্ত্ৰই নিৰ্মাণ কৰিব পাৰে শিল্পীগৰাকীয়ে । তেওঁ অসমৰ এগৰাকী আগ শাৰীৰ বিহু বিচাৰক ।

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত হোৱা বোমা বিস্ফোৰণৰ পাছত ৰাজ্য খনলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত ধনেশ্বৰ শইকীয়াই অসমৰ ঢুলীয়াসকলক একত্ৰিত কৰি "বাটৰ ঢুলীয়া" নামৰ এটা দল খুলি চাইকেলেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ দুয়ো পাৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিলাইছিল শান্তিৰ বাণী । এইগৰাকী ধনেশ্বৰ শইকীয়াৰ নামো যোৱা বছৰৰ শিল্পী পেঞ্চনৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল । চৰকাৰৰ ঘোষণা অনুসৰি তেওঁলোকে প্ৰতিমাহে পাব ৮ হাজাৰ টকাৰ পেঞ্চন ।

লক্ষণীয়ভাৱে চৰকাৰৰ ঘোষণা এবছৰ হোৱা স্বত্বেও পেঞ্চন নাপায় অপমান বোধ কৰিছে শিল্পী দুয়োগৰাকীয়ে । পিছে চৰকাৰে এই মিথ্যাচাৰৰ অভিযোগ খণ্ডন কৰিব পাৰিব নে ? বঞ্চিত শিল্পীসকলে চৰকাৰৰ সাহায্য পাবলৈ সক্ষম হ'বনে ? সেইটো সময়েহে ক'ব ।

লগতে পঢ়ক :মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাওঁখন...

ABOUT THE AUTHOR

...view details