গোলাঘাট,৬ জুনঃ আলকাতৰা কঢ়িয়াই এখন টেংকাৰ জব্দ হ'ল গোলাঘাটৰ তেতেলীতলত । ভুৱা চালানেৰে পেট্ৰ'ল কঢ়িওৱা টেংকাৰত আলকাতৰা কঢ়িওৱাৰ ফলত টেংকাৰখন জব্দ কৰে গোলাঘাট আৰক্ষীয়ে । AS_01_BC_6661 নম্বৰৰ টেংকাৰখনৰ নুমলীগড় শোধনাগাৰৰ পৰা মেঘালয়ৰ এটা পেট্ৰ'ল ডিপোলৈ পেট্ৰ'ল কঢ়িওৱাৰ অনুমতি আছে যদিও শোধনাগাৰ কৰ্তৃপক্ষৰ চকুত ধূলি মাৰি কঢ়িয়াইছিল পকী পথ নিৰ্মাণৰ বাবে ব্যৱহৃত আলকাতৰা জাতীয় পদাৰ্থ । ৰঙিয়াৰ পৰা জামুগুৰিলৈ এক ভুৱা চালান তৈয়াৰ কৰি তেল কঢ়িওৱাৰ নামত আনিছিল এই আলকাতৰা জাতীয় পদাৰ্থ । AVM FUELS PVT LTD নামৰ প্ৰতিষ্ঠানটোৰ ৰঙিয়াৰ পৰা বোকাখাতৰ MP AGARWALLA লৈ তেল কঢ়িওৱা এই চালান খন এখন ভুৱা চালান বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে গাড়ীখন জামুগুৰিলৈ গৈ থকা অৱস্থাত গোলাঘাটৰ আৰক্ষীয়ে তেতেলীতলত জব্দ কৰে ।
গোলাঘাটৰ তেতেলীতলত এখন টেংকাৰ জব্দ - নুমলীগড় শোধনাগাৰ লিমিটেড
ভুৱা চালানেৰে পেট্ৰ'ল কঢ়িওৱা টেংকাৰত আলকাতৰা জাতীয় পদাৰ্থ কঢ়িওৱা এখন টেংকাৰ জব্দ কৰে গোলাঘাট আৰক্ষীয়ে
গোলাঘাটৰ তেতেলীতলত এখন টেংকাৰ জব্দ
উল্লেখ্য যে,নুমলীগড় শোধনাগাৰ লিমিটেডৰ অধীনত চলা ভাৰত পেট্ৰ'লিয়ামৰ এই টেংকাৰ নুমলীগড় শোধনাগাৰৰ পৰা মেঘালয়ৰ তেল ডিপোলৈ পেট্ৰ'ল কঢ়িওৱাৰ অনুমতিহে প্ৰদান কৰা আছে । তেনে ক্ষেত্ৰত পকী পথ নিৰ্মাণত ব্যৱহাৰ হোৱা আলকাতৰা জাতীয় পদাৰ্থ কেনেকৈ কঢ়িয়াব পাৰিলে সেয়াহে ৰহস্যজনক বিষয় । বোকাখাতৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে পৰিচিত এম পি আগৰৱালাই এনে অনিয়ম কৰা কাৰ্যৰ উপযুক্ত তদন্ত হ'ব নে বুলি এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।