অসম

assam

ETV Bharat / state

বছা ভৰলুৱা গাঁৱত ১১ জনকৈ লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

Accident in Golaghat: ভোগালীৰ উচাহ নাই গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত ৷ শনিবাৰে গাঁওখনত আয়োজন কৰা হয় দুৰ্ঘটনাত মৃত্যু হোৱা ১১ জনকৈ লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ ৷ বৈদিক নীতি-নিয়মেৰে সম্পন্ন কৰা হয় আদ্যশ্ৰাদ্ধৰ কাম ৷

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:53 PM IST

Accident in Golaghat
ভৰলুৱা গাঁৱত উঠিছে কান্দোনৰ ৰোল

ভৰলুৱা গাঁৱত উঠিছে কান্দোনৰ ৰোল

গোলাঘাট, ১৩ জানুৱাৰী: গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত আজি কেৱল কান্দোনৰ ৰোল ৷ কান্দি কান্দি আত্মীয়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে পৰিয়াল বৰ্গই । ৩ জানুৱাৰীত অভিশপ্ত দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাৰ সদগতিৰ কামনাৰে আজি গাঁওখনত অনুষ্ঠিত কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধৰ ৷ এই কান্দোনৰ ৰোল উঠিছে কাৰোবাৰ যদি পতি,কাৰোবাৰ পত্নী,কৰোবাৰ সন্তান আৰু আন কাৰোবাৰ আত্মীয়ৰ বাবে ৷

ভোগালীৰ আনন্দ-উল্লাসৰ মাজতেই গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত উঠিছে কেৱল কান্দোনৰ ৰোল ৷ বঙহৰ শোকে দহি নিয়া দুৰ্ভগীয়া গাঁৱৰ লোকসকলে আজি আয়োজন কৰিলে সমূহীয়া আদ্যশ্ৰাদ্ধ ৷ দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়া লোকসকলৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ আত্মীয়সকল কান্দোনত ভাগি পৰে ৷ গাঁওখনত আয়োজন কৰা ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালকেইটাক সান্তনা দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই ।

আনহাতে, বছা ভৰলুৱা গাঁৱৰ লগতে দাঁতিকাষৰীয়া লোকসকলে ভোগালী বিহুৰ মেজি জ্বলোৱাৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে ৷ একপ্ৰকাৰ শোকে দহি থকা গাঁওখনত সমূহীয়া আদ্যশ্ৰাদ্ধত নাম প্ৰসংগ কৰে ভকত বৈষ্ণৱসকলে ৷ আজি গাঁওখনৰ সকলো লোকৰ চকুত দেখা গ'ল কেৱল চকুলো ৷ ১১ গৰাকী লোকৰ আদ্যশ্ৰাদ্ধত গাঁৱৰ লোকসকলৰ লগতে দাঁতিকাষৰীয়া লোকসকল আহি কৰ্ম সম্পাদন কৰ ।

উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত পুৱতি নিশা বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত দেৰগাঁৱৰ বালিজানত বিপৰীত দিশৰ পৰা আহি থকা এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে শিশুসহ দহ গৰাকী লোক নিহত হোৱাৰ লগতে দুজনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । উক্ত ঘটনাত কম-বেছি পৰিমাণে আহত হোৱা কেইবাগৰাকী লোক ঘৰলৈ ঘূৰি আহিছে যদিও আন কেইবাগৰাকী লোক বৰ্তমানে গুৱাহাটী আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ।

লগতে পঢ়ক:বছা-ভৰলুৱা গাঁৱত আজি ১১ জনকৈ লোকৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ

ABOUT THE AUTHOR

...view details